নিউজ ডেস্ক, 27 মে’: আজি ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল (AHSEC final result 2022)৷ যোৱা 15 মাৰ্চৰ পৰা 12 এপ্ৰিললৈ অনুষ্ঠিত হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ তিনিওটা শাখাৰ পৰীক্ষা ৷ অৱশেষত শিক্ষাৰ্থীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ’ব ফলাফল ৷
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ মুঠ 2,49,812 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰে 38,430 গৰাকী বিজ্ঞান শাখাত (Science Stream), 1,91,855 গৰাকী কলা শাখাত (Arts Stream) আৰু 18,432 গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখাত (Commerce Stream) অৱতীৰ্ণ হৈছে । বৃত্তিমূলক শাখাত অৱতীৰ্ণ হৈছে 1,081 গৰাকী পৰীক্ষাৰ্থী ।
কেইবাটাও ৱেব চাইটত উপলব্ধ হ’ব এই ৰিজাল্ট সমূহ ৷ ৱেবচাইট কেইটা হ’ল...
1. www.ahsec.assam.gov.in
2. www.results.shiksha
3. www.examresults.net
4. www.exametc.com
5. www.jagranjosh.com
6. www.assamresult.co.in