ৰূপহীহাট, 23 আগষ্ট :সম্পূৰ্ণ 2 মাহ 10 দিনৰ অন্তত প্ৰশাসনে খুলি দিলে 14 টাকৈ ছীল কৰা গুদাম ৷ ৰূপহীহাটৰ 14 টাকৈ চুপাৰী ফেক্টৰীৰ গুদাম আদালতৰ নিৰ্দেশ মৰ্মে চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত ৰূপহীহাট আৰক্ষীয়ে খুলি দিয়ে । যোৱা 4 জুন তাৰিখে অবৈধভাৱে বাৰ্মীজ চুপাৰী মজুত ৰখাৰ সন্দেহত নগাওঁ জিলা আৰক্ষীয়ে এক অভিযান চলাই ছীল কৰি দিছিল ফেক্টৰীসমূহ।
উল্লেখ্য যে, 14 টাকৈ গুদামত অভিযান চলোৱাৰ অন্তত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে ছীল কৰি তাৰ চেম্পল ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল । অভিযানত মুঠ 4777 বেগ চিকনী চুপাৰী জব্দ কৰিছিল প্ৰশাসনে ৷ চুপাৰীখিনিৰ বজাৰ মূল্য আছিল প্ৰায় 11 কোটিৰো অধিক ৷
সম্পূৰ্ণ 2 মাহ 10 দিনৰ অন্তত প্ৰশাসনে খুলি দিলে 14 টাকৈ ছীল কৰা গুদাম আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত ফেক্টৰিসমূহ খুলি দিয়াৰ নিৰ্দেশ দিয়ে আদালতে। আদালতৰ নিৰ্দেশ মৰ্মে দেওবাৰে খুলি দিয়ে ছীল কৰা গুদামসমূহ ৷
মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিয়েই ৰাজ্যত চলি থকা অবৈধ ব্যৱসায়ৰ লগতে ড্ৰাগছ আৰু গৰুৰ চোৰাং সৰহবৰাহ বন্ধ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ তাৰ পাচতে আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰহবাৰহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷
একেদৰে গৰুৰ চোৰাং সৰহবৰাহকাৰীৰ লগতে বাৰ্মিজ চুপাৰী বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদ মাধ্যম আৰু সৰ্বসাধাৰণ জনতাকো ৰাজ্যখনত অসাধু চক্ৰই চলাই থকা যিকোনো অবৈধ ছিণ্ডিকেট সম্পৰ্কে কোনো তথ্য পালে পোনে পোনে আৰক্ষী সঞ্চালক প্ৰধানক (DGP) অৱগত কৰিবলৈ আহ্বান জনাইছিল ৷
ইতিমধ্যে বিভিন্ন জিলাত গৰুৰ অবৈধ তথা চোৰাং ব্যৱসায়ৰ সৈতে জড়িত কেইবাজনো ব্যক্তিক আটক কৰিছে । এক প্ৰকাৰে ক’ব পাৰি যে, বিভিন্ন অপৰাধত জড়িত বহু সংখ্যক অপৰাধী আৰক্ষীৰ হাতত বন্দী হৈছে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পলাতক হৈ থকা চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলু গ্ৰেপ্তাৰ হোৱাৰ স্বস্তিৰ নিশ্বাস পেলাইছে আৰক্ষীয়েও ৷
লগতে পঢ়ক:হিমন্ত চৰকাৰৰ এশ দিনীয়া সফলতাৰ আঁৰত আছে নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদ : সোণোৱাল