নগাঁও, 8 এপ্ৰিলঃ ই টি ভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰিলে এন পি পিৰ প্ৰাৰ্থী আব্দুল আজিজে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰা কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দলৰ পৰা কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰিছে আজিজে ৷ বৰ্তমান নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে যে, নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ প্ৰথম পদক্ষেপ কংগ্ৰেছেহে লৈছিল, তাৰ পাছতহে বিজেপিৰ নাম আহে ৷
নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক তুলাধুনা আব্দুল আজিজৰ
নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ সমালোচনা মুখৰ হৈ পৰে কলিয়াবৰ লোকসভা সমষ্টিৰ এন পি পি প্ৰাৰ্থী আব্দুল আজিজ ৷ কংগ্ৰেছক মুছলমানৰ শত্ৰু বুলি উল্লেখ কৰি আজিজে কয় যে, কংগ্ৰেছৰ দিনতেই অসমত মুছলমানৰ নিধন যজ্ঞ চলিছিল
ABDUL AJIJ
কংগ্ৰেছক মুছলমানৰ শত্ৰু বুলি উল্লেখ কৰি আজিজে কয় যে, কংগ্ৰেছৰ দিনতেই অসমত মুছলমানৰ নিধনযজ্ঞ চলিছিল ৷ অসমত সংখ্যালঘু লোকসকল এন আৰ চিৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ মূল কাৰণো কংগ্ৰেছ বুলিয়ে জোৰদাৰ মন্তব্য কৰে এন পি পি প্ৰাৰ্থী গৰাকীয়ে ৷ কলিয়াবৰত এতিয়া পৰাজয়ৰ আশংকাত এন পি পিৰ প্ৰাৰ্থীক কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷