চামগুৰি, 26 আগষ্ট: দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ টা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো যেন একাধিক সমস্যাৰ মাজত জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ চাহ শ্ৰমিকসকলে (Problems of tea labours)। শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনেও নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি আজি পৰিণত হৈছে কেৱল ফুটুকাৰ ফেনত । শেহতীয়াকৈ চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাত্ৰ ২৭ টকা বৃদ্ধি কৰি মুঠ ২৩২ টকা কৰিলে যদিও ক’ৰবাত যেন ৰাজনীতিৰ গোন্ধ পাইছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিখনে (Daily wages of tea labour in Assam)।
আটছাই দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা কৰিবলৈ চৰকাৰক দাবী জনাই অহাৰ বিপৰীতে চৰকাৰে কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ খাতিৰতহে সময়ে-সময়ে ১০/২০ টকাকৈ বৃদ্ধি কৰিছে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৷ চামগুৰিত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগঠনটোৰ নগাঁও জিলা নেতৃত্বই (AATSA reacts on govt steps to Tea tribes)।