অসম

assam

ETV Bharat / city

Insult to Assamese language: বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ কলিয়াবৰ ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিল অসমীয়া ভাষা ৷ শেহতীয়াকৈ বিধায়ক চিৰাজউদ্দীন আজমলে অসমীয়া ভাষাকলৈ কৰা মন্তব্য়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে (Sirajuddin Ajmals insult to Assamese language) ।

csa-reacts-to-aiudf-mla-sirajuddin-ajmals-insult-to-assamese-language
বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

By

Published : Apr 1, 2022, 10:47 PM IST

কলিয়াবৰ, 1 এপ্ৰিল:পুনৰ অসমতে অপমানিত হ’ল অসমীয়া ভাষা (Insult to Assamese language) । এইবাৰ বিধায়ক চিৰাজউদ্দীন আজমলে অপমান কৰিলে অসমীয়া ভাষাক । অসমীয়া ভাষাক অপমান কৰা বিধায়ক চিৰাজউদ্দীন আজমলৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা ।

অসমীয়া ভাষাক লৈ কৰা অসৌজন্যমূলক মন্তব্যক লৈ ক্ষোভিত হৈ পৰিল কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা (Sirajuddin Ajmals insult to Assamese language) ৷ বিধায়ক চিৰাজুদ্দিন আজমলে কৰা মন্তব্যকলৈ তীব্ৰ সকিয়নী দিলে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে (AASU reacts to Sirajuddin Ajmals insult to Assamese language) ৷

বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

বিধায়ক চিৰাজুদ্দিন আজমলক অসমৰ বাহিৰত গৈ ৰাজনীতি কৰিবলৈ সকিয়াই দিলে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা প্ৰতিনিধিয়ে । লগতে অসমৰ মুখ্যমন্ত্ৰীখ বিধায়কগৰাকীৰ বিৰুদ্ধে তদন্তৰ আহ্বান জনালে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক :Insult to Assamese language: বিধায়ক চিৰাজউদ্দীনৰ ভাষ্যক লৈ অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details