অসম

assam

By

Published : Jul 27, 2020, 7:48 PM IST

ETV Bharat / city

নগাঁৱত চৰকাৰৰ বিৰুদ্ধে আমছুৰ মানৱ শৃংখল কাৰ্যসূচী

অসমৰ বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত নগাঁৱত আমছুৰ মানৱ শৃংখল প্ৰতিবাদ ৷ অতি শীঘ্ৰে বানাক্ৰান্ত লোক সকলক উপয়ুক্ত সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

aamsu_protest Against Govt At Nagaon
নগাঁৱত চৰকাৰৰ বিৰুদ্ধে আমছুৰ মানৱ শৃংখল কাৰ্যসূচী

নগাঁও, 27 জুলাইঃ অসমৰ বান সমস্যা সমাধানৰ লগতে বানাক্ৰান্ত লোকক চৰকাৰে উপযুক্ত সাহাৰ্যৰ প্ৰদানৰ দাবীত নগাঁৱত আমছুৰ মানৱ শৃংখল । উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

নগাঁৱত চৰকাৰৰ বিৰুদ্ধে আমছুৰ মানৱ শৃংখল কাৰ্যসূচী

বছৰ বছৰ ধৰি অসমৰ ৰাইজে ভয়ংকৰ বানত ঘৰ,মাটি,ভেটি হেৰুৱাই আহিছে যদিও কোনো এখন চৰকাৰে বান সমস্যা সমাধানৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে ৷ ফলত প্ৰতি বছৰে ৰাইজে বানত যমৰ যাতনা ভোগ কৰিব লগা হয় ৷ অসমৰ এই বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত নগাঁৱত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (আমছু)ৰ নগাঁও জিলা সমিতিৰ সদস্য সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।

কৰ'ণা সৃষ্ট পৰিৱেশে জুৰুলা কৰাৰ পিছত বানৰ কবলত পৰি সৰ্বস্বান্ত হোৱা প্ৰতিটো পৰিয়ালক উপযুক্ত সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠটোৱে । ৰাজ্যৰ সাম্প্ৰতিক সমস্যা সমাধানত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনটোৱে । লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ অতি শীঘ্ৰে বানাক্ৰান্ত লোক সকলক উপয়ুক্ত বান সাহাৰ্য প্ৰদান কৰাৰ লগতে উপযুক্ত সু চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- অখিল গগৈৰ মুক্তিৰ দাবীত ৰংঘৰৰ বাকৰিত কৃষক মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details