অসম

assam

ETV Bharat / city

চামগুৰিত জব্দ অবৈধ সাঁচিকাঠ ভৰ্তি বলেৰ' পিক-আপ ভান

চামগুৰি আৰক্ষীৰ সহযোগত কলিয়াবৰ আৰক্ষীয়ে চামগুৰি থানা এলেকাৰ জব্দ কৰে অবৈধ সাঁচিকাঠ ভৰ্তি এখন বলেৰ' পিক-আপ ভান ৷ জব্দকৃত অগৰ কাঠখিনিৰ মূল্য পাঁচ লক্ষাধিক টকা

চামগুৰিত জব্দ অবৈধ সাঁচিকাঠ ভৰ্তি বলেৰ' পিক-আপ ভান

By

Published : Apr 24, 2019, 2:34 PM IST

কলিয়াবৰ, 24 এপ্ৰিলঃ চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্যত অব্যাহত অগৰ কাঠৰ চোৰাং বেহা । কলিয়াবৰত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা অগৰভৰ্তি এখন বাহন। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চামগুৰি থানা এলেকাত জব্দ হয় অবৈধ সাঁচিকাঠ ভৰ্তি এখন বলেৰ' পিকআপ ভান। আৰক্ষীয়ে আটক কৰে অবৈধ কাঠভৰ্তি গাড়ীখনৰ চালক পাপু গগৈক ৷ গোলাঘাটৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁৱৰ দিশে যোৱাৰ পথতে গাড়ীখনে কলিয়াবৰ আৰক্ষীৰ নাকা ভেদি পলায়নৰ চেষ্টা চলাইছিল যদিও চামগুৰি আৰক্ষীৰ সহযোগত কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰে এই বাহনখন। জব্দকৃত অগৰ কাঠখিনি মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা ৷

চামগুৰিত জব্দ অবৈধ সাঁচিকাঠ ভৰ্তি বলেৰ' পিক-আপ ভান

ইতিমধ‍্যে ৪৩/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে কলিয়াবৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে,মঙলবাৰে নথি- পত্ৰ অবিহনে সাঁচি কাঠখিনি গোলাঘাটৰ নাহৰণি অঞ্চলৰ পৰা হোজাইলৈ সৰবৰাহ কৰোতেই আৰক্ষীৰ জালত পৰে ভানখন ।

ABOUT THE AUTHOR

...view details