চামগুৰি, 21 জুলাই : সংবাদ মাধ্যমত মঙলবাৰে নগাঁও জিলা(Nagaon District) ৰ চামগুৰিৰ ভৰাগুৰিৰ পল' ফাৰ্ম (Polo Farm)ত দিন-দুপৰতে মুক্ত বিচৰণ কৰি থকা এটা আঘাতপ্ৰাপ্ত বন্যহস্তী (Wild Elephant)ৰ বিষয়ে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল ৷ উক্ত বাতৰিটো প্ৰকাশ হোৱাৰ পাছতেই গা লৰিল বন বিভাগৰ । শালনা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আৰু উদমাৰি উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মী আঘাতপ্ৰাপ্ত হাতীটোক নিৰীক্ষণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় ৷
দীৰ্ঘদিন ধৰি বন্যহস্তীটোৱে ভৰাগুৰিৰ বিশেষ ঠাইডোখৰত অৱস্থান কৰি আছে । কিন্তু হাতীটোক আন চাৰিটাকৈ বনৰীয়া হাতীৰ সৈতে ডাঠ হাবিৰ মাজত অৱস্থান কৰাবলৈ যথেষ্ট চেষ্টা কৰিও বিফল হয় বন বিভাগৰ দলটো ৷ হাতীটোৰ আঘাতৰ বিষয়েও ভালদৰে প্ৰাৰম্ভিক অনুসন্ধান চলাব নোৱাৰিলে বন বিভাগৰ লোকে। ইয়াৰ বিপৰীতে ৰাইজে বন্যহস্তীটো আঘাতপ্ৰাপ্ত বুলি সদৰী কৰে যদিও পোনচাতেই ৰাইজৰ মন্তব্যক নসাৎ কৰিলে উপস্থিত বন বিষয়াগৰাকীয়ে ।