নগাওঁ, 18 মে’:শক্তি বিভাগৰ গাফিলতি আৰু অৱহেলাৰ বাবে সাধাৰণ ৰাইজে জলাকলা খাই অহা কোনো নতুন কথা নহয় । ভিতৰুৱা গাঁও-অঞ্চলসমূহো 24 ঘণ্টাই বিদ্যুতৰ পোহৰেৰে আলোকিত কৰাৰ কথা চৰকাৰে কৈ অহাৰ সময়তে বিগত প্ৰায় এটা মাহে অন্ধকাৰত থাকিবলগীয়া হৈছে এখন গাঁৱৰ ৰাইজ । নিশা হ'লেই আন্ধাৰত ডুব যায় গাঁওখন ।
নগাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ শিমলুগুৰিৰ সোণাইপাৰাত বিগত এমাহে বিকল হৈ আছে বিদ্যুৎ ট্ৰেন্সফাৰ্মাৰ ৷ মেৰামতিৰ বাবে ৰাইজে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাচতো গা-লৰা নাই দায়িত্বত থকা বিভাগৰ ৷ ফলত ট্ৰেঞ্চফৰ্মাৰ মেৰামতি নোহোৱাৰ বাবেই বিগত এমাহে নিশাৰ ভাগত পোহৰৰ বাবে গাঁওখনৰ বাসিন্দাসকলে কেৰাচিনৰ লেম্প, টিপচাকি, মম আদি ব্যৱহাৰ কৰি জীৱন অতিবাহিত কৰিবলগীয়া হৈছে (Poor Electricity Supply in Nagaon) ৷