অসম

assam

ETV Bharat / city

ৰে’লত আহিছিল ছমচেদ, তাৰপিছত নাই কোনো খবৰ - হয়বৰগাঁও ৰেলৱে আৰক্ষী

বিগত এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে এগৰাকী ব্যক্তি ৷ নগাঁও জিলাৰ ব্যক্তিগৰাকীৰ সন্ধান উলিয়াব পৰা নাই পৰিয়াল তথা আৰক্ষীয়ে ৷

A person went missing while traveling to Gauhati
ৰেলেৰে যাত্ৰা কৰা সময়ত সন্ধানহীন পানীখাইটিৰ ছমচেদ আলী

By

Published : Oct 18, 2021, 1:38 PM IST

চামগুৰি, 18 অক্টোবৰ : প্ৰায় এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে নগাঁও জিলাৰ ননৈৰ পানীখাইতিৰ ছমচেদ আলী নামৰ লোকজন ৷ 13 অক্টোবৰত নগাঁৱৰ শিলঘাট-আলিপুৰদুৱাৰ অভিমুখী ৰে’লত গুৱাহাটীলৈ যোৱাৰ সময়তে সন্ধানহীন হয় ব্যক্তিজন ৷ গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ যোৱাৰ কথা আছিল সন্ধানহীন লোকজনৰ ।

সন্ধানহীন পানীখাইতিৰ ছমচেদ আলী

ঘটনাটো সংঘটিত হ’বৰ দিনা আলীয়ে সন্ধিয়া প্ৰায় ৭.১৫ বজাত পত্নীলৈ ফোন কৰে ৷ ইয়াৰ পিছত পৰিয়ালৰ লোকে ছমচেদৰ লগত কোনো ধৰণৰ সংযোগ স্থাপন কৰিব পৰা নাই । যাৰ বাবে দেওবাৰে নিশা ঘটনা সন্দৰ্ভত সবিশেষ হয়বৰগাঁও ৰে’ল আৰক্ষীক অৱগত কৰে ছমচেদৰ পৰিয়ালৰ লোকে ৷

হয়বৰগাঁও ৰে’ল আৰক্ষীক এখন পত্ৰ প্ৰদান কৰি এই ঘটনাৰ তদন্ত কৰিবলৈ অনুৰোধ জনায় ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে ৷ লগতে যদি কোনো সদাশয় ব্যক্তিয়ে ছমচেদ আলীৰ সম্ভেদ লাভ কৰে, তেনেহ’লে 7638066583/ 9854582764 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক :কোৱাইকটা সত্ৰৰ বেদখলকৃত ভূমি সত্ৰক অৰ্পণ সংখ্যালঘু ৰাইজৰ

ABOUT THE AUTHOR

...view details