অসম

assam

ETV Bharat / city

চাইবাৰ অপৰাধীক গৰুৰ পঘাৰে বান্ধিলে অসম আৰক্ষীয়ে ! - ETV BHARAT

পেটিএমৰ জৰিয়তে ধন লুট কৰাৰ সন্দেহত আৰ্শিষ বৰদলৈ নামৰ এজন যুৱকক নগাঁৱৰ ননৈ আৰক্ষীয়ে আটক কৰি নিয়ে । পুৱা স্থানীয় ৰাইজে চোৰৰ সন্দেহত তেওঁক আটক কৰি গৰুৰ পঘাৰে বান্ধি থোৱাৰ পাছত হেণ্ডকাফ লৈ নহাৰ বাবে আৰক্ষীয়েও গৰুৰ এৰালেৰেই চোৰটোক বান্ধি লৈ যায় ।

নগাঁও জিলাত চাইবাৰ অপৰাধী

By

Published : May 19, 2019, 2:42 PM IST

বঢ়মপুৰ, ১৯ মে': নগাঁও জিলাৰ ননৈ উপ আৰক্ষী চকীৰ অন্তগৰ্ত মিকিৰপাৰ উৰিয়াগাঁৱত এক অপৰাধীক গৰুৰ এৰালেৰে বান্ধি নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে । দেওবাৰে পুৱা স্থানীয় ৰাইজে চোৰৰ সন্দেহত আৰ্শিষ বৰদলৈ নামৰ এজন যুৱকক আটক কৰি গৰুৰ এৰালৰে বান্ধি থৈ আৰক্ষীক খবৰ দিছিল । ধৃত চোৰটোৱে গ্ৰাহকৰ একাউন্টৰ পৰা পেটিএমৰ জৰিয়তে ধন লুট কৰিছিল বুলি জানিব পৰা গৈছে । চোৰটো আটক কৰিবলৈ আহি আৰক্ষীয়ে হেণ্ডকাফ লৈ নহাৰ বাবে গৰুৰ এৰালেৰে বান্ধি লৈ যায় থানালৈ । সমগ্ৰ ঘটনাৰ প্ৰতক্ষ্যদৰ্শী হৈ ৰয় মিকিৰপাৰ উৰিয়াগাঁৱৰ লোকসকল ৷

চাইবাৰ অপৰাধীক গৰুৰ পঘাৰে বান্ধিলে অসম আৰক্ষীয়ে

উল্লেখ্য যে, ননৈৰ ভূপেন শইকীয়া নামৰ লোকজনৰ একাউণ্টৰ পৰা পেটিএমৰ জৰিয়তে এক লাখ টকা লুট কৰাৰ অভিযোগ উত্থাপন হৈছে ধৃত আৰ্শিষৰ বিৰুদ্ধে । স্থানীয় ৰাইজে আৰ্শিষক গোপন খবৰৰ ভিত্তিত আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

ABOUT THE AUTHOR

...view details