অসম

assam

নগাঁৱৰ কচুৱাত গাঞ্জাসহ আটক এজন যুৱক

By

Published : May 18, 2021, 4:11 PM IST

নগাঁও জিলাৰ কচুৱাত গাঞ্জা আৰু ড্ৰাগছৰ অবৈধ বেহা ৷ গাঞ্জাসহ আটক চাইফুদ্দিন নামৰ এজন যুৱক ৷

AS_BARHAMPUR_ a boy arrested in kasuwa with weed_vid_ASC10032
নগাঁৱৰ কচুৱাত গাঞ্জাসহ আটক এজন যুৱক

নগাঁও, 18 মে' :নগাঁও জিলাৰ এজন যুৱকৰ কচুৱাত গাঞ্জা জব্দ কৰে আৰক্ষীয়ে । দোকানত বিক্ৰী কৰি থকা সময়তে কচুৱা আৰক্ষীৰ দলে গাঞ্জাসহ আটক কৰে চাইফুদ্দিন আহমেদ নামৰ যুৱকজনক ৷ ধৃত চাইফুউদ্দিনে কচুৱা তিনিআলিৰ নিজ দোকানত বিক্ৰী কৰি আছিল গাঞ্জাখিনি ।

আটকাধীন লোকজনৰ দোকানৰ পৰা আৰক্ষীয়ে ৪৩ টা গাঞ্জা পেকেট সৈতে ৫১৬ ডাল গাঞ্জা চিগাৰেট জব্দ কৰে । উল্লেখ্য যে , লোকজনে দীৰ্ঘ দিন ধৰি অঞ্চলটোত চলাই আহিছে গাঞ্জাৰ অবৈধ বেহা । ড্ৰাগছ আৰু গাঞ্জা ব্যৱসায়ীৰ বাবেই কচুৱা অঞ্চলটোৰ লগতে কামপুৰৰ একাংশ যুৱকে ড্ৰাগছ আৰু গাঞ্জা সেৱন কৰি জীৱন ধ্বংস কৰিছে ।

লগতে পঢ়ক :নলবাৰীৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া চিকিৎসালয়ৰ অধীক্ষকৰ

ABOUT THE AUTHOR

...view details