অসম

assam

ETV Bharat / city

পলাশবাৰী, বিশ্বনাথ, ধিং আৰু মুছলপুৰত উদযাপন গণৰাজ্য দিৱস - অসম চুক্তিৰ 6 নং দফা

আজি ৰাজ্যজুৰি উদযাপন কৰা হয় দেশৰ 71 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পলাশবাৰী ৰাজহ চক্ৰ, বিশ্বনাথ কছাৰী ময়দান, ধিং, আৰু মুছলপুৰত উদযাপন কৰা হয় গণৰাজ্য দিৱস ৷

পলাশবাৰী, বিশ্বনাথ, ধিং আৰু মুছলপুৰত গণৰাজ্য দিৱস উদযাপন
পলাশবাৰী, বিশ্বনাথ, ধিং আৰু মুছলপুৰত গণৰাজ্য দিৱস উদযাপন

By

Published : Jan 26, 2020, 11:15 PM IST

নিউজ ডেস্ক, 26 জানুৱাৰীঃ আজি দেশযুৰি পালন 71 সংখ্যক গণৰাজ্য দিৱস ৷

দেশৰ লগতে ৰাজ্যৰ মিৰ্জাস্থিত পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পলাশবাৰী চক্ৰ বিষয়া সুসপ্না কাকতিয়ে ৷ তেওঁৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে সংলগ্ন বিষয়া প্ৰিয়ংকা বনীয়া,পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সতেন্দ্ৰ সিং হাজাৰীয়ে । বিভিন্ন দেশভক্তিমূলক দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় 71 তম গণৰাজ্য দিৱস ।

পলাশবাৰীত উদযাপন 71 সংখ্যক গণৰাজ্য দিৱস

ইপিনে কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত বিশ্বনাথ জিলা প্ৰশাসনেও কেন্দ্ৰীয় ভাৱে উদযাপন কৰে বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত দেশৰ 71 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন জন সমাজ সচেতন ব্যক্তি তথা মুক্তি যুঁজাৰু সকলক জিলা প্ৰশাসনে সম্বৰ্ধনা জনোৱা হয় । মুঠ 9 গৰাকীকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে জনপ্ৰিয় বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত কৰা হয় ৷

বিশ্বনাথত গণৰাজ্য দিৱস

মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধী আৰু ভাৰতীয় সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ লগতে দেশৰ শ্বহীদ আৰু মুক্তিসেনানী সকলক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে খিলঞ্জীয়া মানুহৰ ভাষিক, জাতীয় আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'বই বুলি ঘোষণা কৰে ৷ লগতে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ সমিতিৰ কথা উল্লেখ কৰে ।

ধিঙত গণৰাজ্য দিৱস

নগাঁও জিলাৰ ধিঙতো আজি উলহ মালহেৰে উদযাপন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস । এই দিৱস উপলক্ষ্যে গীত মাতেৰে জীপাল হৈ উঠে ধিঙৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগনত কেন্দ্ৰীয়ভাৱে উৎযাপন কৰা গণতন্ত্ৰ দিৱস ৷ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি সমদল বাহিৰ কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এনচিচি আৰু স্কাউট গাইডৰ ছাত্ৰ ছাত্ৰী সকলে ৷ তাৰ পিছতেই পতাকা উত্তোলন কৰে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰাই ।

বাক্সাত গণৰাজ্য দিৱস

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ সদৰ মুছলপুৰতো পুৱা গণতন্ত্ৰ দিৱস উপলক্ষ্যে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ৷ মুছলপুৰ বাথৌপুৰি ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত কাৰ্যসূচীত পতাকা উত্তোলন কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে ৷ এন ডি এফ বিৰ বিভিন্ন গোটৰ সৈতে আলোচনাৰ জৰিয়তে দেশত শান্তি প্ৰতিষ্ঠাৰ বাতাবৰণ আনিবৰ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে বৰগয়াৰীয়ে ৷ লগতে বিটিচিত আৰু কোনো গাওঁ অন্তৰ্ভুক্ত নহয় বুলিও উল্লেখ কৰে কাৰ্যবাহী সদস্য়গৰাকীয়ে ৷

71 সংখ্যক গণৰাজ্য দিৱস পালন

ইপিনে স্বাধীনতা সংগ্ৰামী জিতেন শৰ্মা আৰু জম্মু কাশ্মীৰত নিহত হোৱা শ্বহীদ মনেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা জনোৱাৰ লগতে মনেশ্বৰ বসুমতাৰীৰ পত্নীৰ হাতত কৰিমগঞ্জৰ লালা ব্যৱসায় সন্থাৰ তৰফৰ পৰা দিয়া ৮১০০০/- টকাৰ চেক প্ৰদান কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্ফা বৰ্গয়াৰীয়ে ৷ জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাৰ লগতে বিটিচিৰ ই এম অনচুমৈ খুংগুৰ বড়ো, বিধায়ক মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰীৰ লগতে বিভিন্ন বিভাগৰ বিষয়া, স্বাধীনতা সংগ্ৰামীৰ উপস্থিতি অনুষ্ঠিত আজিৰ এই দিৱসত কেবাজনো বিশিষ্ট ব্যক্তিক পাৰদৰ্শীতাৰ বাবে বটাঁ প্ৰদান কৰা হয় ৷

ABOUT THE AUTHOR

...view details