অসম

assam

By

Published : Jun 25, 2020, 7:02 PM IST

ETV Bharat / city

25 গৰাকী কৃতিমানৰ সাফল্যৰে পুনৰ উজলিল নগাঁও

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ২৫ গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াইছে নগাঁৱলৈ। ইতিমধ্যে আনন্দত মতলীয়া হৈ পৰিছে শিক্ষক সকলৰ লগতে স্থানীয় ৰাইজ ৷

100% Nagaon District Student Succeed in HS Final Examination
নগাঁৱত পুনৰ উজলি উঠিল ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

নগাঁও, 25 জুনঃসদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ২৫ গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াইছে নগাঁৱলৈ । স্থানপ্ৰাপ্ত আটাইকেইগৰাকী ব্যক্তিগত খণ্ডৰ কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৷ চৰকাৰী খণ্ডৰ বিপৰীতে নগাঁও জিলাত অব্যাহত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা ।

নগাঁৱত পুনৰ উজলি উঠিল ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ ইতিমধ্যে ব্যক্তিগত খণ্ডৰ বিভিন্ন কণিষ্ঠ মহাবিদ্যালয়ৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ মুঠ ২৫ গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে উক্ত পৰীক্ষাত স্থান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াইছে আনিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান আৰু কলা শাখাত ১৯ গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰে ৷ তাৰোপৰি কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা দুগৰাকী, ৰেণেছাঁ কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা এগৰাকী, কলংপাৰ বিদ্যাপীঠৰ পৰা এগৰাকী, মাধৱদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা এগৰাকী আৰু ভাৰতী বিদ্যাপীঠৰ পৰাও এগৰাকী ছাত্ৰই স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

কলা শাখাত ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা শ্ৰদ্ধা বৰগোহাঞিয়ে ৪৮১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ লগতে প্ৰিয়াক্ষী বৰাই ৪৭৩ নম্বৰ লাভ কৰি তৃতীয় স্থান, জুলি বৈশ্যই ৪৭২ নম্বৰ লাভ কৰি চতুৰ্থ স্থান, কাবেৰী কোচে ৪৭১ নম্বৰ লাভ কৰি পঞ্চম স্থান, উদিত্য ইশানী কাকতিয়ে ৪৬৯ নম্বৰ লাভ কৰি সপ্তম স্থান, শতাব্দী পূজাৰীয়ে ৪৬৯ নম্বৰ লাভ কৰি সপ্তম স্থান আৰু নম্ৰতা বৰুৱাই ৪৬৭ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হয় ।

একেদৰে বিজ্ঞান শাখাত ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰাই সাগৰ গোৱালাই ৪৭৯ নম্বৰ লাভ কৰি চতুৰ্থ স্থান, আশীষ কুমাৰ গাৰ্গে ৪৭৮ নম্বৰ লাভ কৰি পঞ্চম স্থান, ব্ৰেঞ্জিত হাজৰিকাই ৪৭৭নম্বৰ লাভ কৰি ষষ্ঠ স্থান, অম্লান জ্যোতি পেগুৱে ৪৭৬নম্বৰ লাভ কৰি সপ্তম স্থান, স্বৱনম গুঞ্জন বৰাই ৪৭৬ নম্বৰ লাভ কৰি সপ্তম স্থান, ৪৭৫ নম্বৰৰে অষ্টম স্থানত অমিশ সিং, হিমাঞ্জলি বৰগোঁহাই, চিন্ময় নাথ, মনিৰুল ইছলাম, ৪৭৪ নম্বৰ লাভ কৰি উৎপল ৰাজ কেম্প্ৰাইয়ে নৱম স্থান, ৪৭৩ নম্বৰ লাভ কৰি ইফটিকাৰ আহমেদে দশম স্থান অধিকাৰ লগতে অংকিতা শইকীয়াইও ৪৭৩ নম্বৰ লাভ কৰি দশম স্থানেৰে উজলাই তুলিছে ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ লগতে নগাঁও জিলাক। মুঠ ১৯ গৰাকী ছাত্ৰ ছাত্ৰীৰ সফলতাত উৎফুল্লিত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী ।

একেদৰে নগাঁৱৰ আন এখন অগ্ৰণী শিক্ষানুষ্ঠান কোনচেপ্ট জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত নাইমা ফিৰদৌছয়ে ৪৮২ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰাৰ লগতে একেখন শিক্ষানুষ্ঠানৰ পৰাই কলা শাখাত পলি বৰাই ৪৭৩ নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱলৈ । বাণিজ্য শাখাতো ব্যক্তিগত খণ্ডৰ কণিষ্ঠ মহাবিদ্যালয় ভাৰতী বিদ্যাপীঠৰ পৰা কাৰ্তিক ধাৰীৱালে ৪৫৭ নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰি কঢ়িয়াইছে গৌৰৱ। নগাঁৱৰ আন এক অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰেণেছাঁ কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা ৪৬৯ নম্বৰ লাভ কৰি কলা শাখাত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়াংশ্ৰী গোস্বামীয়ে ।

মাধৱদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা তাহীৰা জামানে কলা শাখাত মুঠ ৪৭২ নম্বৰেৰে চতুৰ্থ স্থান লাভ কৰাৰ লগতে কলংপাৰ বিদ্যাপীঠৰ পৰা ৪৭০ নম্বৰেৰে হৰ্ষিতা বৰঠাকুৰে ষষ্ঠ স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰ-ছাত্ৰী সকলে ।

লগতে পঢ়ক- উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল বঙাইগাঁৱৰ ফাৰহানুৰ

ABOUT THE AUTHOR

...view details