অসম

assam

ETV Bharat / city

প্ৰসংগ: সেনাৰ অত্যাচাৰত নিৰীহ যুৱক মৃত্যু, গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া - সেনাৰ অত্যাচাৰত নিৰীহ যুৱক মৃত্যু

সেনাৰ অত্যাচাৰত নিৰীহ যুৱক মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিৰক্ষা মন্ত্ৰীলৈ পত্ৰ লিখিব সাংসদ গৌৰৱ গগৈয়ে ৷

প্ৰসংগ: সেনাৰ অত্যাচাৰত নিৰীহ যুৱক মৃত্যু, গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া
প্ৰসংগ: সেনাৰ অত্যাচাৰত নিৰীহ যুৱক মৃত্যু, গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

By

Published : Jun 17, 2020, 2:32 AM IST

যোৰহাট, 16 জুন :সাপেখাতিস্থিত ভাৰতীয় স্থলসেনাৰ 244 ফিল্ড ৰেজিমেন্টৰ এটা দলে কিছুদিন পূৰ্বে আটক কৰিছিল বৰহোলাৰ জয়ন্ত বৰা নামৰ যুৱকজনক ৷ কিন্তু সেনাৰ জিম্মাত চলা অত্যাচাৰৰ ফলতে নিৰীহ জয়ন্তৰ মৃত্যু হয় ৷ সামৰিক বাহিনী (বিশেষ) ক্ষমতা আইনৰ দোহাই দি এইদৰে সেনাই অসমত এতিয়া পুুনৰ আৰম্ভ কৰিছে মুক্ত হত্যা ৷

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে ঘটনাৰ উচিত তদন্ত দাবী জনায় । লগতে এই ঘটনাত জড়িত দোষীয়ে উপযুক্ত শাস্তি পোৱাৰ লগতে জয়ন্ত বৰা পৰিয়ালক ন্যায় দিয়াৰ বাবে দেশৰ প্ৰতিৰক্ষাৰ মন্ত্ৰী ৰাজনাথ সিঙলৈ পত্ৰ লিখিব বুলি উল্লেখ কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ।

প্ৰসংগ: সেনাৰ অত্যাচাৰত নিৰীহ যুৱক মৃত্যু, গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

বান গৰাখহনীয়া সমস্যা সমাধানত জলসম্পদ বিভাগ তথা মন্ত্ৰী কেশৱ মহন্ত ব্যৰ্থ হৈছে । যোৰহাট বহটীয়া গাঁৱত অনুষ্ঠিত কৃৰ্তী শিক্ষাৰ্থীক সৰ্ম্বধনা জনোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই দৰে মন্তব্য আগবঢ়ায় সাংসদ গৌৰৱ গগৈয়ে ।

লগতে পঢ়কঃগালৱান ভেলীৰ পৰা সৈনিক প্ৰত্যাহাৰ ভাৰত-চীনৰ

ABOUT THE AUTHOR

...view details