টীয়ক, 2 ছেপ্তেম্বৰ: টীয়কৰ অন্যতম সদাব্যস্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মাজগাঁও কাৱৈমাৰী, জাঁজীমুখকে ধৰি প্ৰায় 30 খন গাঁৱৰ একমাত্ৰ পথৰ দুৰৱস্থাই এতিয়া জলাকলা খুৱাইছে স্থানীয় ৰাইজক । পথৰ মাজতেই সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত ।
উক্ত পথছোৱা পুনৰ নিৰ্মাণ বা মেৰামতিৰ বাবে বিভিন্ন সময়ত ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাই আহিছে যদিও ৰাইজৰ দাবীৰ প্ৰতি কোনো কেৰেপেই কৰা নাই জন প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই । সেয়ে বুধবাৰে প্ৰায় অৰ্ধ শতাধিক মহিলাই হাতে-হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷