অসম

assam

যোৰহাটত আবতৰীয়া বান: আক্ৰান্ত বহু গাঁও

By

Published : Oct 28, 2019, 1:38 PM IST

ভোগদৈ নৈয়ে নিদ্ৰা হৰণ কৰিছে উত্তৰ-পশ্চিম যোৰহাটবাসীৰ ৷ অহৰহ ভোগদৈ নৈৰ পানী সোমোৱাৰ ফলত ঘৰ,পথাৰ,পথ আদিৰ অৱস্থা শোচনীয় হৈ পৰিছে অঞ্চলটোত ৷

যোৰহাটত আবতৰীয়া বান

যোৰহাট, 28 অক্টোবৰ: বিগত মে' মাহৰ পৰা ৰাজ্যখনৰ প্ৰথমটো বানৰ কবলত পৰা যোৰহাট জিলাৰ অন্তৰ্গত উত্তৰ-পশ্চিম যোৰহাটবাসীৰ নিদ্ৰা হৰণ কৰিছে ভোগদৈ নৈয়ে ৷ সমগ্ৰ ৰাজ্য উৎসৱৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে বানৰ ফলত কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাইজ এতিয়া কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে ৷ উল্লেখযোগ্য যে,ভোগদৈৰ দাতিকাষৰীয়া বহু অঞ্চল বৰ্তমানেও বানৰ কবলৰ পৰা মুক্ত হ'ব পৰা নাই ৷ অহৰহ ভোগদৈ নৈৰ পানী সোমোৱাৰ ফলত ঘৰ,পথাৰ,পথ আদিৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷

যোৰহাটত আবতৰীয়া বানত বুৰ গ'ল বহু কেইখন গাঁও

ইমানৰ পাচতো জলসম্পদ বিভাগে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ বিভাগটোৰ হেমাহিৰ ফলত মালৌখাতবাসীৰ বাবে ভোগদৈ বৰ্তমান অভিশাপলৈ পৰিণত হৈছে ৷ একমাত্ৰ জলসম্পদ বিভাগৰ সদিচ্ছাৰ অভাৱৰ বাবেই আজিলৈকে নিৰ্মাণ হোৱা নাই মালৌখাতৰ কাষেদি বৈ যোৱা ভোগদৈৰ ছিগা মথাউৰিটো ৷

ABOUT THE AUTHOR

...view details