অসম

assam

ETV Bharat / city

যোৰহাটত পিপিই কিট পিন্ধি এনএছইউআইৰ প্ৰতিবাদ

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনএছইউআইৰ অভিনৱ প্ৰতিবাদ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অফলাইনত অনুষ্ঠিত নকৰি বিকল্প ব্যৱস্থাৰে পৰীক্ষা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ এটা বছৰ লোকচান নকৰিবৰ বাবে চৰকাৰক আহ্বান ৷

By

Published : Jun 7, 2021, 10:44 PM IST

uniqe protest by NSUI in jorhat
যোৰহাটত পি পি কিট পিন্ধি এন এছ ইউ আইৰ প্ৰতিবাদ

যোৰহাট, 7 জুন : যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এনএছইউআয়ে সোমবাৰে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি পিপিই কিট পৰিধান কৰি এনএছইউআইৰ সদস্যসকলে পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

যোৰহাটত পি পি ই কিট পিন্ধি এন এছ ইউ আইৰ প্ৰতিবাদ

এনএছইউআই(প্ৰদেশ)ৰ সভাপতি কৃষানু বৰুৱা উপস্থিত থাকি যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অফলাইনযোগে অনুষ্ঠিত নকৰি বিকল্প ব্যৱস্থাৰে পৰীক্ষা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী সকলৰ এটা বছৰ লোকচান নকৰিবৰ বাবে চৰকাৰক আহ্বান জনায় ৷

চৰকাৰৰ অপৰিকল্পিত আৰু বিবেচনাহীন কাণ্ডৰ বাবে ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰী তথা লকসকল ভেকচিনৰ পৰা বঞ্চিত হ’ব লগা হৈছে বুলি প্ৰতিবাদী ছাত্ৰসকলে অভিযোগ উত্থাপন কৰে ৷ এই সম্পৰ্কত যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

লগতে পঢ়ক :কলগাছিয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

ABOUT THE AUTHOR

...view details