যোৰহাট, ২৮ ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কেচুসাৰ উৎপাদনৰ এটি পাঁচদিনীয়া কৃষক প্ৰশিক্ষণ শিবিৰ(Vermicompost Production Training Camp at Jorhat) অনুষ্ঠিত হয় । ২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অসম কৃষি বিশ্ববিদ্যালয়তৰ এগ্ৰনমি বিভাগৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত কেচুসাৰ উৎপাদন, ব্যৱহাৰ আৰু বৰ্তমান সময়ত কেচুসাৰৰ পৰা বাণিজ্যিক সম্ভাৱনীয়তা আদি দিশৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয় ।
বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠকে উদ্ধোধন কৰে প্ৰশিক্ষণ কাৰ্যসূচীৰ ৷ তেওঁ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান অৰুণাচল প্ৰদেশে কেচুসাৰ উৎপাদনৰ জৰিয়তে স্বনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লয় আৰু এই দিশত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সকলোধৰণৰ প্ৰযুক্তিগত সহায় আগবঢ়াব বুলি প্ৰকাশ কৰে । আনহাতে এগ্ৰনমি বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কল্যাণ পাঠকে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত সহযোগী গৱেষণা সঞ্চালক ড৹ মৃণাল শইকীয়া, বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড৹ অনুপ দাসে বক্তব্য আগবঢ়ায় ।