যোৰহাট, 4 জুলাই: অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত ২৭ জুনৰ পৰা ২ জুলাইলৈ জলবায়ু পৰিবৰ্তিত পৰিবেশত উত্তৰ পূৱ ভাৰতত উন্নত প্ৰযুক্তিৰ ধান খেতিৰ ধাৰণা আৰু ব্যৱহাৰ্যতা শীৰ্ষক এক সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকি জলবায়ু পৰিবৰ্তিত পৰিবেশত অসমত ধানখেতিৰ সম্পদ আৰু সম্ভাৱনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায় । অনুষ্ঠানটোত কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্য আৰু মুখ্য বিজ্ঞানী ড৹ সঞ্জয় কুমাৰ চেতিয়াও উপস্থিত থাকে ।
এছ ই আৰ বিৰ অৰ্থসাহাৰ্যৰে অনুষ্ঠিত এই প্ৰশিক্ষণত উত্তৰ পূৱ ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ৩৯ গৰাকী নিৰ্বাচিত সহযোগী অধ্যাপক, গৱেষক তথা কনিষ্ঠ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে । আলোচনাত জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটত হোৱা অসুবিধা আৰু জটিলতাসমূহ প্ৰশমিত কৰাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি, কৃষি জৈৱপ্ৰযুক্তি, কৃষিপ্ৰজনন আৰু বংশগতি তথা কৃষিবিজ্ঞানৰ জ্যেষ্ঠ অধ্যাপক তথা বিজ্ঞানীসকলে শেহতীয়া প্ৰযুক্তিৰ জৰিয়তে জলবায়ু পৰিবৰ্তিত পৰিস্থিতিত জলবায়ুৰ সৈতে খাপ খোৱা বীজৰ সৈতে কৃষি প্ৰযুক্তি আগবঢ়াই নিয়াৰ ওপৰত আলোচনা আগবঢ়ায় ।