২৯ আগষ্টত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ব লাগিব মনীষ চিছোদিয়া
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক কামৰূপ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গোচৰৰ সন্দৰ্ভত জাৰি কৰা হৈছে এই চমন (Manish Sisodia gets summon) ৷
উৎকোচ লৈ গ্ৰেপ্তাৰ প্ৰধান শিক্ষক
দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক (Corrupted headmaster arrested) । সহকাৰী শিক্ষকৰ পৰা উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে ধৰা পৰে হাতীমুৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিদাৰুল ইছলাম (Headmaster arrested in Dhing)। চাৰ্ভিচ বুক দিয়াৰ নামত সহকাৰী শিক্ষকৰ পৰা লৈছিল উৎকোচ ।
পানীৰ অভাৱত কৃষকে পথাৰত ৰুব পৰা নাই ভূঁই
খৰাঙৰ কবলত ৰাজ্য (Drought hit Assam) । নামনি অসম আৰু মধ্য অসমৰ জিলাসমূহ বানে ক্ষতিগ্রস্ত কৰাৰ পাছত সমূহীয়া কঠিয়াতলিৰ ব্যৱস্থা কৰা হৈছিল যদিও এতিয়া খৰাংসদৃশ পৰিস্থিতিৰ বাবে সমস্যাত পৰিছে কৃষক ৰাইজ (Farmers in trouble due to drought like situation)। কেইবাখনো জিলাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি ছন পৰি ৰোৱাৰ সম্ভাৱনা ।
প্ৰাক প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়লৈ শিক্ষাৰ্থীক জনগোষ্ঠীয় ভাষাত শিক্ষাদানৰ ব্যৱস্থা
এবিভিপিকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰ উপৰিও দল-সংগঠন ব্যক্তি বিশেষে বিৰোধিতা কৰিলেও গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ইংৰাজীতে হ’ব (Science and math in English in govt schools)৷ কেৱল ইমানেই নহয়, শিক্ষাৰ আন এক নতুনত্ব আনি জনগোষ্ঠীয় ভাষাত শিক্ষাদানৰ ব্যৱস্থাও কৰিব অসম চৰকাৰে ৷ লখিমপুৰত ঘোষণা শিক্ষামন্ত্ৰীৰ ৷
NLFT ৰ এম্বুশ্বৰ পাচত সুৰক্ষা বাহিনীক সতৰ্ক হোৱাৰ নিৰ্দেশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ
কেইদিনমান পূৰ্বে ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হয় বিএছএফৰ জোৱান । তাৰ পাছতে সীমান্তত নিয়োজিত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে (Tripura CM directs Jawan to remain alert)। সীমান্তৰ কাঁইটীয়া তাঁৰ স্থাপনৰ কাম সম্পূৰ্ণ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ ।