অসম

assam

ETV Bharat / city

বিক্ৰী কৰিবলৈ আহিছিল গঁড়ৰ খৰ্গ; সোমাল ৰঙাঘৰত - গঁড়ৰ খৰ্গ

পৃথিৱী বিখ্যাত অসমৰ এশিঙীয়া গঁড় হত্যা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ তিতাবৰত দেওবাৰে আৰক্ষীয়ে এনে এক অভিযান চলাই দুটা চোৰাং চিকাৰীক আটক কৰাৰ লগতে এটা খৰ্গ উদ্ধাৰ কৰে(Titabor Police operation against rhino poachers) ৷ প্ৰায় এক কোটি বিশ লাখ টকাত খৰ্গটো বিক্ৰী কৰিবলৈ আহিছিল চোৰাং চিকাৰী দুটা ৷

Titabor Police recovered rhino horn
গঁড়ৰ খৰ্গ বিক্ৰী কৰিবলৈ আহি ৰঙাঘৰত সোমাল চোৰাং চিকাৰী

By

Published : Jun 6, 2022, 10:15 AM IST

তিতাবৰ, 6 জুন:তিতাবৰৰ চুঙীৰ পৰা দেওবাৰে আৰক্ষীয়ে এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰাৰ লগতে দুটা চোৰাং চিকাৰীক আটক কৰে(Rhino horn recovered at Titabor) । তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকা, তিতাবৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নমণি সিনহা আৰু সহকাৰী উপ পৰিদৰ্শক নৱ শইকীয়াই যৌথভাৱে অভিযান চলাই উদ্ধাৰ কৰে খৰ্গটো ৷

গঁড়ৰ খৰ্গ

উদ্ধাৰ কৰা গঁড়ৰ খৰ্গটো ওজন প্ৰায় 700 গ্ৰাম বুলি জানিব পৰা হৈছে ৷ আনহাতে আটক কৰা চোৰাং চিকাৰী দুটা আজিজুৰ ৰহমান আৰু ৰাজেন বাউৰী বুলি চিনাক্ত কৰা হৈছে ৷ গঁড়ৰ খৰ্গটো বিক্ৰী কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ দলটোৱে খৰ্গটো উদ্ধাৰ কৰাৰ লগতে চোৰাং চিকাৰী দুটাক আটক কৰে(Two poachers arrested at titabor) ৷

গঁড়ৰ খৰ্গ বিক্ৰী কৰিবলৈ আহি ৰঙাঘৰত সোমাল চোৰাং চিকাৰী

আজিজুৰ ৰহমান আৰু ৰাজেন বাউৰীয়ে প্ৰায় এক কোটি বিশ লাখ টকাত খৰ্গটো বিক্ৰী কৰিবলৈ অহাৰ কথা জানিব পৰা হৈছে ৷ আৰক্ষীৰ দলটোৱে গঁড়ৰ খৰ্গৰ সৈতে আজিজুৰ আৰু ৰাজেনক আটক কৰে । সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে অভিযান(Titabor Police operation against Rhino poachers) ৷

লগতে পঢ়ক :Landslide at Karimganj: কথমপি প্ৰাণৰক্ষা দুটাকৈ পৰিয়ালৰ

ABOUT THE AUTHOR

...view details