টীয়ক, 11 আগষ্টঃক'ভিড-19 ৰ মাজতে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইনবাতিল তথা অখিল গগৈ সহ 'কা' বিৰোধী সকলো কাৰাবন্দীক মুকলি কৰি দিবলৈ ৰাজ্য়ৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বন,জলবায়ু আৰু পৰিৱেশ মন্ত্ৰালয়ে নতুনকৈ জাৰি কৰা "পৰিবেশ প্ৰভাৱ নিৰূপন অধিসূচনা" 2020 বিৰোধিতাৰে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷
ঠিক একেদৰে মঙলবাৰে পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা2020 ৰ বিৰোধিতাৰে যোৰহাট জিলাৰ টীয়কতো ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত তথা টীয়কৰ বিভিন্ন দল সংগঠনৰ সহযোগত EIA 2020 বাতিলৰ দাবীত এক মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷