তিতাবৰ, 23 নৱেম্বৰ :প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ অসুস্থতাৰ খবৰে উদিগ্ন কৰি তুলিছে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ জন্মস্থান তিতাবৰৰ ৰঙাজানবাসীক । এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে তিতাবৰৰ ৰাজীৱ ভৱন । নিজৰ প্ৰিয় নেতাগৰাকী চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজি থকাৰ খবৰ বিয়পি পৰাৰ লগে লগে প্ৰায় সংখ্যক কংগ্ৰেছ কৰ্মীয়ে গুৱাহাটীলৈ ৰাওনা হৈছে ।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অসুস্থতাক লৈ উদিগ্ন জন্মস্থান ৰঙাজান - প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈ
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈৰ অসুস্থতাৰ খবৰে উদিগ্ন কৰি তুলিছে তেওঁৰ জন্মস্থান ৰঙাজানবাসীক ৷ সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে ৷

উদিগ্ন জন্মস্থান ৰঙাজান
উদিগ্ন তৰুণ গগৈৰ জন্মস্থান ৰঙাজান
নেতাগৰাকীৰ কাষত থাকি তেওঁৰ পৰিয়ালবৰ্গক কংগ্ৰেছ কৰ্মীসকলে মানসিক সাহস যোগাবলৈ গুৱাহাটীত বাহৰ পতাৰ বিপৰীতে তেওঁৰ জন্মস্থান তিতাবৰ ৰঙাজান গাঁৱতো বিৰাজ কৰিছে এক শোকস্তব্ধ পৰিৱেশ । অসমৰ ৰাজনৈতিক মানচিত্ৰত তিতাবৰক এক অনন্য মাত্ৰা প্ৰদান কৰা তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি সকলোৱে এটা শুভবাৰ্তাৰ বাবে অপেক্ষা কৰি নেদেখাজনক প্ৰাৰ্থনা জনাইছে ।
উদিগ্ন তৰুণ গগৈৰ জন্মস্থান ৰঙাজান
লগতে পঢ়ক :ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা মুখ্যমন্ত্ৰী সোণোৱালৰ
TAGGED:
আশু আৰোগ্য কামনা তৰুণ গগৈৰ