যোৰহাট, ১১ এপ্ৰিলঃবৃহস্পতিবাৰে সমষ্টিয়ে সমষ্টিয়ে ভোটকেন্দ্ৰ সমূহত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ।
টীয়কৰ ভোটকেন্দ্ৰই ভোটকেন্দ্ৰই তপন গগৈ - Teok Vote Center
নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী ৰূপে বিচৰাৰ বাবেই স্বতঃস্ফূৰ্ত ভাবে ভোটদানৰ বাবে ওলাই আহিছে ৰাইজ । ভোটদানৰ হাৰ ৮০ শতাংশৰ ওপৰত হ'ব বুলি মন্তব্য প্ৰাৰ্থী তপন গগৈৰ ।

TAPAN GOGOI
টীয়কৰ ভোটকেন্দ্ৰত যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈ
টীয়ক সমষ্টিৰো বহু কেইটা ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হয় প্ৰাৰ্থী গৰাকী । সাংবাদিকৰ আগত গগৈৰ মন্তব্য, বতৰ ভাল, নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী ৰূপে বিচৰাৰ বাবেই স্বতঃস্ফূৰ্ত ভাবে ভোটদানৰ বাবে ওলাই আহিছে ৰাইজ । লগতে ভোটদানৰ হাৰ ৮০ শতাংশৰ ওপৰত হ'ব বুলি আশাবাদী প্ৰাৰ্থী গৰাকী ।