অসম

assam

ETV Bharat / city

মিঠাই নে বৰবিহ : মিঠাইৰ থালিত মাখিৰ সভা - সদৌ অসম ছাত্ৰ সন্থা

অস্বাস্থ্যকৰ পৰিবেশত বেকাৰী আৰু মিঠাই প্ৰস্তুত কৰা মৰিয়নিৰ দুখন হোটেলত সদৌ অসম ছাত্ৰ সন্থা (আছু) মৰিয়নী আঞ্চলিক সমিতিৰ দল উপস্থিত (Sweets prepared in unhygienic place at Mariani) ৷ খাদ্য সুৰক্ষা বিভাগক সকীয়নি আছুৰ ৷

sweets prepared in unhygienic place in a hotal at Mariani
মিঠাই নে বৰবিহ : মিঠাইৰ থালিত মাখিৰ সভা

By

Published : Jun 3, 2022, 4:25 PM IST

মৰিয়নি, 3 জুন:আপুনি বাৰু মিঠাইজাতীয় সামগ্ৰী খাই ভাল পাইনে ? দোকানত বাৰেৰহনীয়া মিঠাই সজোৱা থাকিলে আপোনাৰো চাগে জিভাৰ পানী পৰে ! পিছে মিঠাইজাতীয় সামগ্ৰী ক্ৰয় কৰোতে আপুনি চাইনে বাৰু বিশুদ্ধতাৰ পৰিমাণ ? যদি নাচায়, তেন্তে সাৱধান ৷ আপোনাৰ সৰলতাৰ সুযোগ ল’ব পাৰে বিক্ৰেতাই ৷ কিয়নো মৰিয়নিত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷

মৰিয়নিত একাংশ বেকাৰী আৰু হোটেলে খাদ্য সুৰক্ষা বিভাগৰ (Food Safety and Standards Authority of India) নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি গাহৰি গৰাল সদৃশ পৰিবেশত প্ৰস্তুত কৰিছে মানুহে খোৱা মিঠাইজাতীয় সামগ্ৰী ৷ এয়া মৰিয়নি নগৰৰ মাজমজিয়াত অৱস্থিত নামিদামী সৰকাৰ বেকাৰী আৰু কাৰিকৰ হোটেলৰ ভিতৰৰ পৰিৱেশ ৷

মিঠাই নে বৰবিহ : মিঠাইৰ থালিত মাখিৰ সভা

এনে মিঠাইজাতীয় সামগ্ৰী বিক্ৰীৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে সৰকাৰ বেকাৰী আৰু কাৰিকৰ হোটেল দুখনে (Sweets prepared in unhygienic place at Mariani) ৷ বিগত বহুদিন ধৰি ধাৰাবাহিকভাৱে এই দোকান দুখনে এনে কাৰ্য সংঘটিত কৰি আহিছে ৷ এই কথা জানিব পাৰি অস্বাস্থ্যকৰ পৰিবেশত বেকাৰী আৰু মিঠাই প্ৰস্তুত কৰি থকা সৰকাৰ বেকাৰী আৰু কাৰিকৰ হোটেলত সদৌ অসম ছাত্ৰ সন্থা (আছু) মৰিয়নি আঞ্চলিক সমিতিৰ দল উপস্থিত হৈ সকলো পৰিদৰ্শন কৰে ৷

লগতে অনতিপলমে অস্বাস্থ্যকৰ পৰিবেশত বেকাৰী আৰু মিঠাই প্ৰস্তুত কৰি বিক্ৰী কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এইসকল অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাই আছু কৰ্মীসকলে ৷

লগতে পঢ়ক:মন্ত্ৰীসভাঃ দুই মিত্ৰদলৰ পৰা অন্তৰ্ভুক্ত হ'বনে কোনোবা ?

ABOUT THE AUTHOR

...view details