অসম

assam

তিতাবৰত জব্দ বৃহৎ পৰিমাণৰ সুৰা

By

Published : Apr 9, 2019, 7:17 PM IST

মৰিয়নি পৰা মেৰাপানীলৈ নি থকাৰ সময়তে জব্দ হয় বৃহৎ পৰিমানৰ সুৰাখিনি ৷ ৰাইজে জব্দ কৰি গতাই দিলে আৰক্ষীক

etv bharat

তিতাবৰ, 9 এপ্ৰিলঃ নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততে তিতাবৰত জব্দ বৃহৎ পৰিমাণৰ সুৰা ৷ তিতাবৰৰ বেকাজান অঞ্চলৰ ৰাইজৰ হাতত মঙলবাৰে জব্দ হয় বিলাতী সুৰা ভৰ্তি বাহনখন ৷

সুৰাখিনি মৰিয়নীৰ পৰা মেৰাপানীলৈ নি থকা অৱস্থাত সুৰাখিনি জব্দ কৰি ৰাইজে বেকাজান আৰক্ষীক গতাই দিয়ে ৷ ইফালে, আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অবৈধভাৱে কঢ়িয়াই অনা সুৰাখিনিৰ মালিক লাটু শইকীয়া বুলি জানিব পৰা গৈছে ৷ তিতাবৰ ফ্লায়িং স্কোৱাডে এতিমধ্যে সুৰাখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details