টীয়ক/চিটাৰা ডেস্ক, 23 এপ্ৰিল : ৰঙালীৰ উছাহৰ মাজতে ৰাজ্যলৈ সুখবৰ ৷ গুৱাহাটীত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ বঁটাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে টীয়কৰ শ্ৰেষ্ঠা সুধাই (Assamese girl in beauty pageant contest) ৷ অলপতে স্পাৰ্কে গুৱাহাটীত আয়োজন কৰিছিল এক সৌন্দৰ্য প্ৰতিযোগিতা (Miss Teen Assam title) ৷ বিভিন্ন স্থানৰ প্ৰতিযোগীৰে ভৰি পৰিছিল অনুষ্ঠানটো ৷
উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি টীয়কৰ বামুণপুখৰী খাৰঘৰীয়া গাঁৱৰ প্ৰাঞ্জল মহন্ত আৰু নৱনীতা মহন্তৰ একমাত্ৰ কন্যা শ্ৰেষ্ঠাই আঁজুৰি আনিলে MISS TEEN ASSAM খিতাপ (Assamese girl who wins miss assam title) ৷ শ্ৰেষ্ঠা অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ মডেলিঙৰ সমান্তৰালকৈ নৃত্যও কৰিও ভাল পাই শ্ৰেষ্ঠাই ৷ সুন্দৰকৈ বিহু নাচ কৰা শ্ৰেষ্ঠা পঢ়া-শুনাতো পাৰ্গত ৷