অসম

assam

ETV Bharat / city

সপোনৰ ঘৰ এৰি অহা এজাক মাতৃৰ ঠিকনা হৈছে ‘সাৰথি’ - সাৰথি এতিয়া বহু গৰাকীৰ মাতৃৰ নিৰাপদ ঠিকনা

যোৰহাটৰ লিচুবাৰীত অৱস্থিত ‘সাৰথি’ এতিয়া বহু গৰাকীৰ মাতৃৰ নিৰাপদ ঠিকনা ৷ ঘৰুৱা পৰিৱেশ সৃষ্টি কৰি অতি আদৰৰে আৰু মৰমেৰে যত্ন লয় ‘সাৰথি’ৰ তত্ত্বাৱধায়কে ।

সপোনৰ ঘৰ এৰি অহা এজাক মাতৃৰ এতিয়া ঠিকনা হৈছে কেৱল ‘সাৰথি’
সপোনৰ ঘৰ এৰি অহা এজাক মাতৃৰ এতিয়া ঠিকনা হৈছে কেৱল ‘সাৰথি’

By

Published : Mar 17, 2020, 8:30 AM IST

Updated : Mar 17, 2020, 10:31 AM IST

যোৰহাট, 17 মাৰ্চ: জীৱনৰ বিয়লি বেলাত হলোহি আলহী সাৰথিৰ। হেঁপাহৰ সপোনৰ ঘৰ এৰি,পৰিয়ালৰ আপোনবোৰক এৰি এটা কোঠাৰ মাজত আবদ্ধ হৈ জীৱনৰ বিয়লি বেলা কটোৱা কিমান যন্ত্ৰণাময়, সেইয়া ভুক্তভোগীয়েহে জানে । দুচকুত অবুজ ভাৱ,বুজাব নোৱাৰা এক বেদনা। পুত্ৰ বোৱাৰী, নাতি পুতিৰে ভৰপূৰ এখন ঘৰ সকলোৰে জীৱনৰ বিয়লি বেলাৰ সপোন । যেতিয়া এই জীৱনৰ কঠিন সময়ত নিজৰ আপোনতকৈ আপোন বোৰে দূৰলৈ ঠেলি পঠায়,তেতিয়া কেনেকুৱা হ’বগৈ সপোনবোৰ। কিন্তু এই সপোনবোৰ পূৰ কৰিব নোৱাৰিলেও এখন নিৰাপদ ঠাই প্ৰদান কৰিছে যোৰহাটৰ এখন আশ্ৰমে ।

যোৰহাটৰ লিচুবাৰীত অৱস্থিত ‘সাৰথি’ এতিয়া কুৰি গৰাকীৰ মাতৃৰ নিৰাপদ ঠিকনা ৷ ঘৰুৱা পৰিৱেশ সৃষ্টি কৰি অতি আদৰৰে আৰু মৰমেৰে যত্ন লয় ‘সাৰথি’ৰ তত্ত্বাৱধায়কে। যিসময়ত মানুহে ভোগ বিলাসীকতাক প্ৰাধান্য দি নিজৰ কৰ্তব্য আৰু দায়িত্ব পাহৰি গৈছে তেনে সময়তনাৰীৰ দ্বাৰা পৰিচালিত এই সাৰথি বৃদ্ধা আশ্ৰমে দিছে মানৱতাৰ পৰিচয়। মানৱতাক জীয়াই ৰাখি এই সকল মাতৃৰ বাবে সদায় সাৰথি দৰে থকা তত্ত্বাৱধায়ক মল্লিকা ৰহমানৰ মতে যৌথ পৰিয়াল হেৰাই যোৱাৰ ফলত এতিয়া সমাজত একক পৰিয়ালৰ বাবে জীৱনৰ বিয়লি পৰত একাষৰীয়া হ’বলৈ ধৰিছে মানৱ জীৱন ।

সাৰথি

নিজৰ সপোনৰ ঘৰৰ পৰা আঁতৰি আহি আবেগিক হৈ পৰা এই সকল মাতৃৰ মতে একমাত্ৰ ভোগবাদী সমাজৰ দিশত আগবাঢ়ি যোৱা আজিৰ নৱপ্ৰজন্মই পাহৰি গৈছে পিতৃ মাতৃ প্ৰতি থকা দায়িত্ববোধ আৰু কৰ্তব্য । তথাপি আপোনাবোৰৰ খবৰ লৈ থাকে এই সকল দুৰ্ভগীয়া মাতৃয়ে । ভোগবাদী মানসিকতাৰ পৰা মুক্ত হৈ যদি পাৰে এবাৰ ভাবক নিজৰ পিতৃ মাতৃৰ বাবে অকণমান ।

সপোনৰ ঘৰ এৰি অহা এজাক মাতৃৰ ঠিকনা হৈছে ‘সাৰথি’

লগতে চাওক- ইউ পি পি এল দলৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত

Last Updated : Mar 17, 2020, 10:31 AM IST

ABOUT THE AUTHOR

...view details