অসম

assam

By

Published : Feb 11, 2022, 8:59 PM IST

ETV Bharat / city

বিশিষ্ট লেখিকা অনিতা বৰুৱাৰ মৃত্যু

বিশিষ্ট লেখিকা অনিতা বৰুৱাই নিজৰ ঘৰতে চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে ইহলীলা সম্বৰণ কৰে ( Writer Anita Baruah is no more) ৷

saddened-by-the-unfortunate-death-of-writer-anita-baruah
বিশিষ্ট লেখিকা অনিতা বৰুৱাৰ মৃত্যু

যোৰহাট, 11 ফেব্ৰুৱাৰী : বিশিষ্ট লেখিকা অনিতা বৰুৱা আৰু নাই ( Writer Anita Baruah is no more) ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 84 বছৰ ৷ দুমাহ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ সুস্থ হৈছিল যদিও পুনৰ অসুস্থ হৈ পৰিছিল বিশিষ্ট লেখিকাগৰাকী ৷ নিজৰ ঘৰতে থাকি চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে ইহলীলা সম্বৰণ কৰে লেখিকা গৰাকীয়ে ৷

1938 চনত যোৰহাটৰ বড়িগাঁৱত জন্ম গ্ৰহণ কৰা অনিতা বৰুৱাই স্কুলীয়া দিনৰ পৰাই কৰি আহিছিল সাহিত্য চৰ্চা । তেওঁৰ শিশু-উপযোগী গল্প আৰু অন্যান্য লেখা অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ অকণিৰ শিতানত প্ৰকাশ হৈছে ।

শিশু-সাহিত্যিক হিচাপে খ্যাতি লাভ কৰা অনিতা বৰুৱাৰ ইতিমধ্যে প্ৰকাশিত ‌শিশু-উপযোগী কিতাপ কেইখন ক্ৰমে, সোণমণিৰ সোণালী শৈশৱ (2003), অকণিৰ গল্প (2005), অসমীয়া সাহিত্যিকৰ জীৱনী (2006), গৌতম আৰু মালতীহঁতৰ কথা (2009), আইতা আৰু সোণমণিহঁত (2010), এদিন মুকুট নগৰলৈ আহিছিল (2013), লুইতে উজাই আহোঁতে (2014), আইতা আৰু নাতিহঁত (2016), মহৎ লোকৰ জীৱনী (2018), চম্পাৰ মৰমৰ ঘৰখন (2019) আৰু ভাল মানুহৰ কথা (2021) ।

শিশু-উপযোগী সাহিত্য ৰচনাৰ বাবে 1993 চনত সদৌ অসম লেখিকা সংস্থা (Sadou Asom Lekhika Sangstha) ৰ বঁটা, 1995 চনত একেটা সংস্থাই প্ৰদান কৰিছিল বাণী পাঠক সোঁৱৰণী শিশু উপন্যাস বঁটা আৰু 2006 চনত গোলাঘাটৰ পূণ্য বৰা স্মাৰক ন্যাসৰ শিশু-সাহিত্য বঁটাও লাভ কৰিছিল প্ৰয়াত লেখিকা অনিতা বৰুৱাই ।

লগতে অসম চৰকাৰে 2009 চনত এককালীন সাহিত্যিক পেন্সন প্ৰদান কৰিছিল সাহিত্যিক গৰাকীক ৷ এগৰাকী গল্পকাৰ হিচাপেও পৰিচিত প্ৰয়াত অনিতা বৰুৱাৰ প্ৰকাশিত গল্প সংকলন কেইখন হৈছে "অব্যক্ত বেদনা" (1995), "সীমাৰ সিপাৰে" (2005) আৰু "সোৱণশিৰি আজিও বৈ আছে" (2016) ।

লগতে পঢ়ক :Urban Development: ৰাজ্যৰ সকলো নগৰৰ উন্নয়নৰ বাবে চৰকাৰৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details