তিতাবৰ, 7 জুন : দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি প্ৰমাণ কৰিলে তিতাবৰৰ বিবিজানৰ ৰোহিত শৰ্মাই ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই ৷ তিতাবৰৰ দৰিদ্ৰ পৰিয়ালৰ ৰোহিতে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ 88.16 শতাংশ নম্বৰ লাভ কৰিছে ৷
দৰিদ্ৰতাৰে যুঁজিও সফলতা আঁজুৰি আনিলে ৰোহিতে - তিতাবৰৰ বিবিজানৰ ৰোহিত শৰ্মা
দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি প্ৰমাণ কৰিলে তিতাবৰৰ ৰোহিত শৰ্মাই ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ 88.16 শতাংশ নম্বৰ লাভ কৰিলে ৰোহিতে ৷ ৰোহিত তিতাবৰ বিবিজানত ভাড়াঘৰত বাস কৰা কৃষ্ণ শৰ্মা আৰু দিপা শৰ্মাৰ সন্তান ৷
দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে বুলি প্ৰমাণ তিতাবৰৰ ৰোহিতৰ
এই সফলতাৰ পাছতো উচ্চ শিক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নথকাৰ বাবে চিন্তিত হৈ পৰিছে ৰোহিতৰ পিতৃ কৃষ্ণ শৰ্মা আৰু মাতৃ দিপা শৰ্মা । এখন সৰু দোকানৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া কৃষ্ণ শৰ্মাৰ পৰিয়ালটো ভাড়া ঘৰত বসবাস কৰে ।
দৰিদ্ৰতাৰ মাজতে কঠোৰ অধ্যৱসায়ৰ বলত সফলতা লাভ কৰা ৰোহিতে বিজ্ঞান শাখাত অধ্যয়ন কৰিব বিচাৰে বুলি জানিবলৈ দিয়ে ৷ আজৰি সময়ত পিতৃক দোকানত সহায় কৰে বুলি ৰোহিতে জনায় ৷