টীয়ক, 28 জুলাই :সোমবাৰে দিন দুপৰতে দুটাকৈ ধাৰাবাহিক চুৰিকাণ্ডই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ টীয়ক চহৰখনত ৷ টীয়কৰ FRU ৰ আৱাসিক এলেকাত মানুহ নথকাৰ সুযোগ লৈয়ে ক’ভিড ডিউটিত কৰ্মৰত জ্যোতিকা নায়ক নামৰ এগৰাকী নাৰ্ছৰ বাসগৃহত প্ৰৱেশ কৰি আলমিৰাৰ তলা ভাঙি নগদ ধন লৈ উধাও হয় চোৰ ৷
জানিব পৰা মতে, বিয়লি মাস্ক পৰিধান কৰা এজন যুৱক আহি নায়কৰ ঘৰত থকা আইতাক বাইদেউগৰাকী আছে নে নাই সুধি আইতাই নাই বুলি কোৱাত উভতি গৈছিল আৰু তাৰ পাছত আইতাগৰাকী ওচৰৰ কোনোবা এঘৰলৈ ওলাই গৈছিল আৰু পৰৱৰ্তী সময়ত আহি আইতাই আলমিৰাটো ভঙা অৱস্থাত দেখি ওচৰৰ সকলোকে খবৰ দিওতেহে ঘটনাটো পোহৰলৈ আহে ৷