যোৰহাট, 19 নৱেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হ'ল সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ এইবাৰ খোদ ৰক্ষকৰ হাততেই নিগৃহীত হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দুই ৰক্ষক ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটত । পূব সংমণ্ডলৰ উপ মহাপৰিৰ্দশকে আৰক্ষী জোৱানক নিজৰ ঘৰৰ কামত খটুৱাৰ ভিডিঅ' সংগ্ৰহ কৰিবলৈ গৈ খোদ উপ মহাপৰিদৰ্শকৰ শিৱপ্ৰসাদ নাৰায়ণৰ হাতত নিগৃহীত হ'ল ৰাজ্যৰ প্ৰতিষ্ঠিত বৈদ্যুটিন সংবাদ প্ৰতিষ্ঠানৰ দুই সাংবাদিক পৰমানন্দ বৰা আৰু ফটো সাংবাদিক পৰাগ গগৈ ৷ ঘটনা অনুসৰি পূব সংমণ্ডলৰ উপ মহাপৰিদৰ্শক শিৱপ্ৰসাদ নাৰায়ণে তেওঁৰ চৰকাৰী বাসগৃহত প্ৰায় অৰ্ধ শতাধিক আৰক্ষী জোৱান ঘৰুৱা কাৰ্যত ব্যৱহাৰৰ খবৰ লাভ কৰাৰ পাছতে বাতৰি সংগ্ৰহৰ বাবে গৈছিল দুই সাংবাদিক কিন্তু ইয়াৰ পাছতে বাতৰিৰ বাবে প্ৰয়োজনীয় ভিডিঅ' সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকৰ কেমেৰা কাঢ়ি লয় শিৱপ্ৰসাদ নাৰায়ণে আৰু কেমেৰাৰৰ পৰা ডিলিট কৰি দিয়ে সমষ্ট ভিডিঅ' ৷ ইয়াৰোপৰি উপ মহাপৰিদৰ্শকৰ শিৱপ্ৰসাদ নাৰায়ণে মোবাইল ফোন কাঢ়ি লোৱাৰ চেষ্টা কৰে বুলিও অভিযোগ কৰে নিগৃহীত সাংবাদিকদ্বয়ে ৷
যোৰহাটত এইবাৰ আৰক্ষী উপ মহাপৰিদৰ্শকৰ হাতত নিগৃহীত সাংবাদিক - যোৰহাটত এইবাৰ আৰক্ষী উপ মহাপৰিদৰ্শকৰ হাতত নিগৃহিত সাংবাদিক
আৰক্ষী জোৱানক নিজৰ ঘৰৰ কামত খটুৱাৰ অভিযোগ পূব সংমণ্ডলৰ উপমহাপৰিৰ্দশক শিৱপ্ৰসাদ নাৰায়ণৰ বিৰুদ্ধে ৷ এই খবৰ সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিকক ভাবুকি উপ মহাপৰিদৰ্শকৰ ৷ কাঢ়ি ললে কেমেৰা, উত্থাপিত হৈছে মবাইল ফোন কাঢ়ি লোৱাৰ দৰে গুৰুত্বৰ অভিযোগ ৷

যোৰহাটত এইবাৰ আৰক্ষী উপ মহাপৰিদৰ্শকৰ হাতত নিগৃহিত সাংবাদিক
ইফালে, এই সন্দৰ্ভত সাংবাদ মাধ্যমে উপ মহাপৰিদৰ্শক গৰাকীক প্ৰশ্ন কৰাত তেওঁ এইয়া এক সাধাৰণ ভুল বুজাবুজিৰ ঘটনা বুলি মন্তব্য কৰে৷ আনহাতে নিগৃহীত সাংবাদিকদ্বয়ে ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দৰে সাংবাদিক ৰাজহুৱাভাৱে অপমান কৰাৰ অধিকাৰ শিৱপ্ৰসাদ নাৰায়ণে ক'ত পালে বুলি প্ৰশ্ন কৰে ৷ এই সমগ্ৰ ঘটনাই বৰ্তমান যোৰহাটৰ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এতিয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ ৰহস্য ৷
উপমহাপৰিৰ্দশক শিৱপ্ৰসাদ নাৰায়ণৰ বিৰুদ্ধে সাংবাদিক নিগ্ৰহৰ অভিযোগ