অসম

assam

ETV Bharat / city

গোলাঘাটৰ পৰা তিতাবৰলৈ টীম 'ৰত্নাকৰ'

আনহাতে,  যোৰহাটৰ তিতাবৰটো প্ৰচাৰৰ বাবে উপস্থিত হয় টীম ৰত্নাকৰ ৷  তিতাবৰ দেৱ কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত উপস্থিত হৈ দলটোৱে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰাইজক ৰত্নাকৰ ছবিখন চাবলৈ আহ্বান জনায় । লগতে প্ৰচাৰ অনুষ্ঠানত প্ৰতি গৰাকী শিল্পীয়ে ৰত্নাকৰ সংলাপ আৰু বহু কেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰে ।

By

Published : Sep 27, 2019, 10:57 PM IST

গোলাঘাটৰ পৰা তিতাবৰলৈ টীম 'ৰত্নাকৰ'

গোলাঘাট, 27 চেপ্তেম্বৰঃ গোলাঘাটত ৰত্নাকৰৰ প্ৰচাৰ । গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত অসমীয়া বোলছবি ৰত্নাকৰৰ প্ৰচাৰ চলালে টীম ৰত্নাকৰে। যতীন বৰা, নিশিতা গোস্বামী, আচুৰ্য বৰপাত্ৰৰ লগতে প্ৰচাৰত উপস্থিত থাকে কণমানি শিল্পী হৰ্ষিতা ৷ চিনেমা খন মুক্তিৰ পূৰ্বে হৰ্ষিতাৰ বহুল প্ৰচাৰিত "এটা কথা কোৱানা" গীতটি পৰিৱেশন কৰে কণমানি শিল্পীগৰাকীয়ে । গোলাঘাটত প্ৰচাৰৰ মূহুৰ্তত যতীন বৰাই গোলাঘাটৰ সৈতে থকা আন্তৰিকতাৰ কথাও উল্লেখ কৰে । 1 ঘণ্টা 55 মিনিট দৈৰ্ঘৰ চিনেমা খন দৰ্শকে আদৰি ল'ব বুলি আশাবাদী টীম ৰত্নাকৰ ।

গোলাঘাটৰ পৰা তিতাবৰলৈ টীম 'ৰত্নাকৰ'

আনহাতে, যোৰহাটৰ তিতাবৰটো প্ৰচাৰৰ বাবে উপস্থিত হয় টীম ৰত্নাকৰ ৷ তিতাবৰ দেৱ কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত উপস্থিত হৈ দলটোৱে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰাইজক ৰত্নাকৰ ছবিখন চাবলৈ আহ্বান জনায় । লগতে প্ৰচাৰ অনুষ্ঠানত প্ৰতি গৰাকী শিল্পীয়ে ৰত্নাকৰ সংলাপ আৰু বহু কেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰে ।

গোলাঘাটৰ পৰা তিতাবৰলৈ টীম 'ৰত্নাকৰ'


তাৰোপৰি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত চলোৱ প্ৰচাৰত ৰত্নাকৰ মুখ্য অভিনেতা যতীন বৰাই দেৰগাঁৱত শীঘ্ৰে ছবিগৃহ হ'ল নিৰ্মাণ হ'ব বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details