যোৰহাট, 28 ছেপ্টেম্বৰ:পুনবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসম সন্তান অভিজিত বৰুৱা (First professional boxer in Assam) । অভিজিত বৰুৱাৰ এই সাফল্যত এতিয়া সমগ্ৰ অসম লগতে জন্মস্থান যোৰহাটত উচাহ বন্যা বোৱা পৰিলক্ষিত হৈছে । থাইলেণ্ডৰ বেংককত বুধবাৰে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী বক্সিং প্ৰতিযোগিতাত অভিজিত বৰুৱাই নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি দেশ মাতৃ নাম বিদেশ মাটিত সোণালী আখৰে লিপিবদ্ধ কৰিলে (International professional Boxing) ।
পুনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসম সন্তান অভিজিত বৰুৱা সাফল্য ভাৰতক প্ৰতিনিধিত্ব কৰি পুনৰ অসমৰ নাম জিলিকাই তোলা অভিজিত বৰুৱাই থাইলেণ্ডৰ দুৰ্ধর্ষ বক্সাৰ "বামডেট জুমপাং"ক নক আউট(KNOCK OUT) তথা পৰাজিত কৰে(Assam Boxer Knocks Out Opponent in Tournament ) । ইতিমধ্যে কেইবাগৰাকীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায় খেলুৱৈক পৰাস্ত কৰি পেছাদাৰী বক্সিঙত উজ্বলি উঠাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক চিনাকী নাম হৈ পৰিছে অভিজিত বৰুৱা ।
পুনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসম সন্তান অভিজিত বৰুৱা সাফল্য সৰুৰে পৰা খেলৰ প্ৰতি ধাউতি থকা অভিজিত বৰুবাই খালী ভৰিয়ে খোজকাঢ়ি ৰেকৰ্ড গঢ়িছিল ৷ ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা অনবদ্য প্ৰদৰ্শন আৰু নিজ একাগ্ৰতা বলত অসম আৰক্ষীত চাকৰি লাভ কৰা বৰুৱাই সেই লোভনীয় চাকৰি ত্যাগ কৰি পেছদাৰী প্ৰফেছনেল বক্সিঙত মনোনিৱেশ কৰি আজি বিশ্ব দৰৱাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে ।
পুনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসম সন্তান অভিজিত বৰুৱা সাফল্য আজি যুৱ সমাজৰ মাজত প্ৰফেছনেল বক্সিং আৰু অভিনৱ ক্ৰীড়াশৈলীৰ বাবে তেওঁ জিলিকি থাকিবলৈ সক্ষম হৈছে । থাইলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পেছদাৰী বক্সিঙত থাইলেণ্ড দুৰ্ধৰ্ষ বক্সাৰ "বামডেট জুমপাঙক পৰাস্ত কৰি অভিজিত বৰুৱা বুজাই দিলে কষ্ট তথা সাধনা কৰিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি । অভিজিত বৰুৱাৰ আজিৰ সাফল্য বাবে তেওঁ অনুৰাগীসকলে ফটকা ফুটাই আনন্দ কৰাৰ পৰিলক্ষিত হয় ।
লগতে পঢ়ক:নৰ্থ-ইষ্ট ইউনাইটেড এফ চি দলত খেলিব অসমৰ ছগৰাকী খেলুৱৈয়ে