অসম

assam

By

Published : Dec 5, 2019, 11:57 PM IST

ETV Bharat / city

ৰাজ্যলৈ পুনৰ ঘূৰি আহিছে 79ৰ পৰিৱেশ: চৌদিশে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ৷ জাতিৰ ৰক্ষাৰ স্বাৰ্থত আকৌ ৰাজপথত অসমীয়া ৷

ৰাজ্যলৈ পুনৰ ঘূৰি আহিছে 79ৰ পৰিৱেশ: চৌদিশে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
ৰাজ্যলৈ পুনৰ ঘূৰি আহিছে 79ৰ পৰিৱেশ: চৌদিশে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, 5 নৱেম্বৰ: বুধবাৰে কেন্দ্ৰীয় সংসদত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হোৱাৰ পাছতেই এতিয়া কেব বিৰোধী প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য ৷ বহু বছৰীয়া কেন্দ্ৰৰ প্ৰতাৰণা আৰু একালৰ জাতীয়তাবাদী শিবিৰৰ দিল্লী-নাগপুৰৰ ওচৰত নিলৰ্জ্জ আত্মসমৰ্পণে পুনৰ ৰাজ্যপথলৈ উলিয়াই আনিলে জনতাক ৷ বৃহস্পতিবাৰৰ দিনটোত কেব বিৰোধী প্ৰতিবাদেৰে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল হল যোৰহাটৰ আকাশ-বতাহ ৷ জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিল শতাধিক জনতা ৷ জিলাখনৰ টিয়কতো নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ নিমাত যাওক শ্ল'গানেৰে অসম প্ৰেমীয়ে বাহিৰ কৰিল জোৰ সমদল ৷ লগতে কেন্দ্ৰৰ আগত ভিজা মেকুৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিতো কেবৰ বিৰুদ্ধে হাতত জলন্ত অগ্নি লৈ যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷

ৰাজ্যলৈ পুনৰ ঘূৰি আহিছে 79ৰ পৰিৱেশ: চৌদিশে কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

সমান্তৰালভাৱে তিনিচুকীয়াৰ কাকপথাৰ, নগাঁও, নলবাৰী, বৰপেটা, বিলাসীপাৰাৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো কেবৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ য'ত দেখা গল ৰাইজৰ স্বৰ্তস্ফূৰ্ত অংশগ্ৰহণ ৷ ইফালে কেবৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে বীৰ লাচিত সেনা ৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি সংগঠনটোৱে খিলঞ্জীয়া অসমীয়া বিৰোধী চক্ৰক সকীয়নি দিয়াৰ লগতে অসমত এইদৰে বলপূৰ্বক ভাৱে কেব জাপি দিব খোজা কাৰ্যক অসংবিধানিক আখ্যা দিলে ৷ তেজপুৰতো কেবৰ বিৰুদ্ধে আছুৰ নেতৃত্ব ঐক্যবদ্ধ সংগ্ৰাম কৰিব শোণিতপুৰ নাগৰিক মঞ্চই । আজি সন্ধিয়া তেজপুৰ সাহিত্য সভাত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰিলে সংগঠনটোৱে ৷ সকলো সামৰি চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

আৰু পঢ়ক: গৃহ সমষ্টি মাজুলীত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details