অসম

assam

By

Published : Dec 21, 2019, 2:16 PM IST

Updated : Dec 21, 2019, 3:19 PM IST

ETV Bharat / city

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাট, নগাঁৱত উত্তাল প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰৰ দিনটোত যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল যোৰহাটৰ নাৰী সমাজ ৷ আনহাতে নগাঁও জিলাতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰণী সন্থা ৷

Protest against CAA at Jorhat and Nagaon
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাট, নগাঁওত উত্তাল প্ৰতিবাদ

যোৰহাট,21 ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019, বাতিলৰ দাবীত নিৰবিছিন্ন প্ৰতিবাদ ৷ জাতিধ্বংসী বিধেয়ক খনৰ বিৰোধিতাৰে স্বত:স্ফুৰ্ত ভাৱে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ হাজাৰ-হাজাৰ জনতা ৷ নিৰাপত্তাৰ দোহাই দি ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক প্ৰতিহত কৰাৰ উদ্দেশ্যৰে প্ৰশাসন যন্ত্ৰই সাধাৰণ জনতাৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলোৱাৰ পাছতো দুগুণ উৎসাহেৰে ৰাজপথলৈ উলাই আহিছে অগনণ জনতা ৷ শনিবাৰৰ দিনটোতো ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাইজে সাব্যস্ত কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 বিৰোধী প্ৰতিবাদ ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ

যোৰহাট:জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰৰ দিনটোত যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল যোৰহাটৰ নাৰী সমাজ ৷ মহিলা সকলৰ স্পষ্ট মত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসাংবিধানিক ভাৱে জাপি দিব খোজা জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন খন কোনো কাৰণতে মানি লোৱা নহব ৷ যোৰহাটৰ শ-শ সচেতন মহিলাৰ চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগ ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ

নগাঁও:আনহাতে ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰণী সন্থা ৷ শনিবাৰে বিধেয়ক খন বাতিলৰ দাবীৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে নগাওঁ তৰণী সন্থাই ৷ অসমৰ ভাষা সংস্কৃতিৰ ভাবুকিস্বৰূপ নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণত মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে তৰণী সন্থাই ৷ ইয়াৰ উপৰিও অৱস্থান ধৰ্মঘটৰ অন্তত নগাওঁ চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ জৰিয়তে কা বাতিলৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মৰকপত্ৰ প্ৰেৰণ কৰে নগাঁও তৰণী সন্থাই ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁওত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিভিন্ন দল সংগঠন আৰু সচেতন মহলৰ আবেদনৰ ভিত্তিত ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছে আইনী যুঁজ ৷

Last Updated : Dec 21, 2019, 3:19 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details