নিউজ ডেস্ক, 14 নৱেম্বৰ:নমামি ব্ৰহ্মপুত্ৰ-পূষ্কৰ মহোৎসৱৰ পিচত বলিউডৰ চমক দিবলৈ ‘ফিল্মফেয়াৰ এৱাৰ্ড’ আয়োজন কৰিবলৈ লোৱা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল কংগ্ৰেছ দল। বিজেপি চৰকাৰে 30 কোটি টকা ব্যয় সাপেক্ষে ফিল্মফেয়াৰ পাতিব পাৰে কিন্তু মাত্ৰ 15 কোটি টকা খৰছ কৰি কাগজ কল পুনৰ উদ্ধাৰ কৰিব নোৱাৰে বুলি তীব্ৰ কটাক্ষ কৰে বিজেপি দলক। এই সোণোৱাল চৰকাৰখনে সকলো চৰকাৰী সম্পদ ব্যক্তিগতকৰণ কৰাৰ ষড়যন্ত্ৰ চলাইছে বুলি দাবী উত্থাপন কৰে যোৰহাটৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদকল্পে বৃহস্পতিবাৰে যোৰহাট জিলা কংগ্ৰেছে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানত যোৰহাট জিলা কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী কলিয়াবৰ সমষ্টিৰ প্ৰাক্তন সাংসদ দীপ গগৈ,যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী,মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি কছাৰীয়ে অংশগ্ৰহণ কৰে।