যোৰহাট, 6 মে’: পুনৰ নতুন মূৰ লৈছে যোৰহাটত সংঘটিত হোৱা নাবালিকা নিৰ্যাতনৰ ঘটনাই (minor girl abuse in Jorhat) ৷ শুকুৰবাৰে এই ঘটনা সন্দৰ্ভত পূৰ্বভাৰতী সংস্থা যোৰহাট জিলা আৰু চুটিয়া ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি সমিতিসহ 10 টা জাতীয় সংগঠনে এক সংবাদমেল আয়োজন কৰে ৷
যোৰহাটৰ চিকিৎসক-প্ৰৱক্তা দম্পত্তীৰ ঘৰত মানসিক নিৰ্যাতনৰ বলি হৈ বন কৰা কিশোৰীগৰাকী পলাতক অৱস্থাত আছিল ৷ পৰৱৰ্তীসময়ত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ পাছতে কিশোৰীগৰাকীয়ে ন ন তথ্য ফাদিল কৰে ৷ তাৰ পাছতেই কিশোৰী গৰাকী অভিযোগ পিছত 10 টা জাতীয় সংগঠনে সংবাদ মেল অয়োজন কৰি (Press conference on minor girl abuse case) কিশোৰীগৰাকীক চিকিৎসকজনৰ খুলশালীয়কে যৌন নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰে ৷
চিকিৎসকৰ ঘৰত নাবালিকা নিৰ্যাতন ঘটনা সন্দৰ্ভত সংবাদমেল ইয়াৰোপৰি, এই ঘটনাৰ লগত আনমুল নামৰ এজন নাৰী সৰবৰাহ কৰা ব্যক্তিৰ নামো সাঙোৰ খাই পৰিছে ৷ আনমুলে নাৰী সৰবৰাহ কৰি দিল্লীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷ ইফালে এই সমগ্ৰ ঘটনাটোৰ ওপৰত পূৰ্বভাৰতী সংস্থা যোৰহাট জিলা আৰু চুতীয়া ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি সমিতিয়ে পুলিবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷
পিছে আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু নকৰাকলৈ ক্ষোভিত হৈ পৰিছে আটাইকেইটা সংগঠন ৷ আনহাতে চিকিৎসক গৰাকীয়ে পোনপটীয়াকৈ সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য দাঙি ধৰা নাই যদিও কিশোৰীগৰাকী এক এন জি অৰ যোগেদিহে ঘৰত বনকৰা ছোৱালী হিচাপে ৰাখিছে বুলি মন্তব্য কৰে ৷ লগতে এই সমগ্ৰ উত্থাপিত অভিযোগ মনে সজা বুলি উল্লেখ কৰে দম্পত্তী হালে ৷
লগতে পঢ়ক :চেক নকল কৰি কোনে সৰকালে দিছপুৰ মহাবিদ্যালয়ৰ একাউন্টৰ ৭৬ লাখ টকা ?