অসম

assam

গ্ৰাহকৰ সন্মুখতে বিভাগীয় বিষয়াক কৈফিয়ত বিচাৰিলে শক্তিমন্ত্ৰীয়ে

By

Published : Jul 19, 2021, 2:21 PM IST

মৰিয়নী সমষ্টিত চাহ জনজাতি লোক সকলৰ দীৰ্ঘ দিন ধৰি হৈ থকা বিদ্যুতৰ বিল সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে দেওবাৰে মৰিয়নীত উপস্থিত হয় শক্তি মন্ত্ৰী বিমল বৰা (Bimal Bora) ৷ কম দিনৰ ভিতৰতে বিদ্যুতৰ বিল ৰেহাই অথবা বিশেষ ব্যৱস্থা কৰা হ'ব বুলি বিমল বৰাই আশ্বাস প্ৰদান কৰে ৰাইজক ৷

Power Minister Bimol bora visit moriani Constituencyin in Jorhat
গ্ৰাহকৰ সন্মুখতে বিভাগীয় বিষয়াক কৈফিয়ত তলব শক্তি মন্ত্ৰীৰ

যোৰহাট,19 জুলাই : যোৰহাট জিলাৰ মৰিয়নী সমষ্টিত চাহ শ্ৰমিকৰ লগতে ৰাইজৰ বিভিন্ন সমস্যা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক অৱগত কৰে প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Ex MLA RupJyoti Kurmi) ৷ ইফালে উক্ত সমষ্টিটো পৰিদৰ্শন কৰি সমস্যাসমূহৰ বুজ ল'বলৈ শক্তি মন্ত্ৰী বিমল বৰাক (Bimal Bora) নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই দেওবাৰে মৰিয়নীত উপস্থিত হয় শক্তিমন্ত্ৰী বিমল বৰা ৷ শক্তিমন্ত্ৰী বিমল বৰা মৰিয়নীত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন চাহ বাগিচাত অনাদায় হৈ থকা বিদ্যুতৰ বিল সম্পৰ্কত আলোচনা কৰে।

দেওবাৰে বিয়লি মৰিয়নীৰ সোণোৱাল চাহ বাগিচাৰ (Sonowal Tea Estate) শ্ৰমিকৰ লাইনত উপস্থিত হৈ কেইবাটাও চাহ শ্ৰমিকৰ পৰিয়ালৰ লগত বিদ্যুতৰ মাচুল সম্পৰ্কীয় আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে । অন্যহাতে, বাগিচাখনৰ প্ৰেক্ষাগৃহত ৩২ খন চাহ বাগিচাৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰাৰ উপৰিও শ্ৰমিকৰ বিদ্যুতৰ মাচুল সম্পৰ্কীয় বিভিন্ন সমস্যাৰ সন্দৰ্ভতো মত বিনিময় কৰে । প্ৰায় সকলো চাহ বাগিচাৰে একো একোজন শ্ৰমিকৰ নামত প্ৰায় লক্ষাধিক টকাকৈ বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ বাকী থকাৰ তথ্য পোহৰলৈ আহিছে ।

গ্ৰাহকৰ সন্মুখতে বিভাগীয় বিষয়াক কৈফিয়ত তলব শক্তি মন্ত্ৰীৰ

উলেখ্য যে, মৰিয়নীৰ কেৱল খেৰেমীয়া চাহ বাগিচাতে শ্ৰমিকে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ বাকী আছে ২২ লাখ টকা । যিখিনি টকা এতিয়া শ্ৰমিকে পৰিশোধ কৰাটো সম্ভৱ নহয় ।চাহ বাগিচাৰ শ্ৰমিক প্ৰতিনিধিৰ অভিযোগ শুনি মন্ত্ৰী বিমল বৰাই গ্ৰাহকৰ সন্মুখতে বিভাগীয় বিষয়াক কৈফিয়ত বিচাৰে ।

এ পি ডি চি এলৰ (APDCL) ভুলৰ বাবে শ্ৰমিকৰ পাহাৰ সম বিদ্যুতৰ মাচুল অনাদায় হৈ আছে ৷ এই বিদ্যুতৰ মাচুলৰ সুত কৰ্তন কৰি মাহিলী কিস্তি হিচাবত পৰিশোধ কৰাৰ সম্পৰ্কত শক্তি মন্ত্ৰীগৰাকীয়ে বিবেচনা কৰিব বুলি আশ্বাস দিয়ে । ইফালে বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰা বাজেটক লৈ সন্তুষ্ট নহয় চাহ জনগোষ্ঠীয় লোকসকল ।

নতুন বাজেটত চাহ জনগোষ্ঠীৰ লোকসকলক বঞ্চনা কৰাৰ অভিযোগ চাহ জনগোষ্ঠীয় লোকসকলৰ ৷ জনগোষ্ঠীটোৰ উন্নয়ণৰ কাৰণে ধাৰ্য কৰা পুঁজি পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰিছে জনগোষ্ঠীটোৰ নেতাসকলে ৷ দীৰ্ঘদিনৰ পৰা শোষণ আৰু বঞ্চনাৰ বলি হৈ অহা চাহ জনগোষ্ঠীৰ লোকসকল বিভিন্ন ক্ষেত্ৰত পিছপৰি আছে । অসমৰ সমাজ জীৱনৰ সৈতে একাত্ম হৈ থকা চাহ জনগোষ্ঠীৰ লোকসকল শিক্ষা (Education), স্বাস্থ্য (Health), বিশুদ্ধ খোৱাপানী (Purified Water), থাকিবৰ কাৰণে ঘৰ, অনাময় ব্যৱস্থা ইত্যাদিকে ধৰি বিভিন্ন ক্ষেত্ৰত বঞ্চনাৰ বলি হৈ আহিছে । জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে বিশেষ উন্নয়ণমূলক আঁচনি, পুঁজি ধাৰ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিখন চৰকাৰে হেমাহি কৰি অহাৰ অভিযোগ উঠিছে ।

চাহ জনগোষ্ঠীয় নেতাসকলে চৰকাৰে এইবাৰ বাজেটত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে ধাৰ্য কৰা ধন পূৰ্বৰ 120 কোটি টকাৰ পৰা 81 কোটি টকালৈ হ্ৰাস কৰাৰ কথা উল্লেখ কৰে ৷ইয়াৰ লগতে চৰকাৰে চাহ জনগোষ্ঠী লোকৰ দৰমহা 351 টকা কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু চৰকাৰে 205 টকালৈ বৃদ্ধি কৰি দায়িত্ব সমাপন কৰাৰ অভিযোগ কৰে ৷ চাহ জনগোষ্ঠীয় নেতাসকলে চৰকাৰে বাজেটত ঘোষণা কৰা 805 খন চাহ বাগিচাত টেপযোগে পানী যোগান ধৰাৰ আঁচনিও যে ফলপ্ৰসূ হ’ব, তাত সন্দেহ প্ৰকাশ

লগতে পঢ়ক-সোনাইত বিধায়কৰ সৈতে প্ৰাক্তন বিধায়কৰ সংঘাট তুংগত

ABOUT THE AUTHOR

...view details