অসম

assam

ETV Bharat / city

হাইস্কুল শিক্ষান্ত পৰীক্ষাত টিয়কৰ কাঠমিস্ত্ৰীৰ পুত্ৰৰ সফলতা

দৰিদ্ৰতাকো নেওচি সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল টীয়কৰ ঋতুপৰ্ণ শইকীয়া ৷ ছাত্ৰজনৰ সফলতাৰ পাচতে তেওঁৰ উচ্চতৰ মাধ্যমিকৰ দুটা বৰ্ষৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব বুলি ঘোষণা টীয়ক প্ৰেছ ক্লাৱৰ ৷

টীয়কৰ ঋতুপৰ্ণ শইকীয়া
হাইস্কুল শিক্ষান্ত পৰীক্ষাত টিয়কৰ কাঠমিস্ত্ৰীৰ পুত্ৰৰ সফলতা

By

Published : Jun 7, 2020, 12:08 PM IST

টিয়ক, 7 জুন : শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে বুলি প্ৰমাণ কৰি দেখালে টীয়কৰ এজন মেধাবী ছাত্ৰই । ছাত্ৰজনৰ পিতৃ পেছাত কাঠমিস্ত্ৰী । টীয়কৰ গুৱাল গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ একমাত্ৰ সন্তান ঋতুপৰ্ণ শইকীয়াই কাৱৈমেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ৷ সকলো বিষয়ত লেটাৰ মাৰ্ক সহ ঋতুপৰ্ণই সৰ্বমুঠ 543 নম্বৰ লাভ কৰিছে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত টিয়কৰ কাঠমিস্ত্ৰীৰ পুত্ৰৰ সফলতা

ঋতুপৰ্ণৰ এই সাফল্যৰ পাচতে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটো গৌৰৱাম্বিত হৈ পৰিছে ৷ মাতৃৰ ড্ৰেছিং টেবুলখনকে পঢ়াৰ টেবুল হিচাপে লৈ টীয়কৰ এই ছাত্ৰজনে নানা ঘাট-প্ৰতিঘাটৰ মাজেৰে সফলতা লাভ কৰিছে । উল্লেখযোগ্য যে, ঋতুপৰ্ণৰ এই সফলতাত পৰিয়ালৰ লগতে বিদ্যালয়ৰ শিক্ষকৰ অৱদান অসীম ।

বৰ্তমান উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত নাম ভৰ্তি কৰিবলৈ আগ্ৰহী ছাত্ৰজন । দৰিদ্ৰতাই যাতে অধ্যয়নত হেঙাৰ আনিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰজনৰ উচ্চতৰ মাধ্যমিকৰ দুটা বৰ্ষৰ সম্পূৰ্ণ পঢ়াৰ দায়িত্ব টীয়ক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে ৷ এই কথা জানিব পৰা স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ছাত্ৰজনৰ পৰিয়াল ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details