যোৰহাট, 6 জুলাই: ৰাজ্যত অব্যাহত আছে চাউল চোৰাং সৰবৰাহ (Illegal rice smuggling in Assam) । বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই চোৰাংভাৱে সৰবৰাহ হৈ অহা চাউল জব্দ কৰাৰ লগতে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত একাংশক গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও চলি আছে চাউলৰ চোৰাং সৰবৰাহ ৷ ইফালে একাংশ দুষ্টচক্ৰই সুলভ মূল্যৰ দোকানৰ চাউল অবৈধভাৱে বিক্ৰী কৰি আহিছে ।
শেহতীয়াকৈ যোৰহাটত সুলভ মূল্যৰ দোকানত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি (PDS rice illegal sale racket busted in Jorhat) ৷ এক গোপন সূত্ৰৰ পম খেদি পুলিবৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ সন্দেহজনক চাউল ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, গোলাঘাটৰ শইকীয়া মিলত চৰকাৰী সুলভ মূল্যৰ দোকানৰ চাউলসমূহ পকেজিং কৰা হয় ৷ এই অবৈধ চাউলৰ ছিণ্ডিকেট যাতে পোহৰলৈ নাহে তাৰ বাৰে চাউলৰ বেপাৰীয়ে মাফিয়াক মাহেকীয়া গুণ্ডা টেক্স দিয়ে বুলিও জানিব দিয়ে আৰক্ষীয়ে ৷