অসম

assam

By

Published : Jun 10, 2019, 1:27 PM IST

ETV Bharat / city

মালৌপথাৰৰ বাবে ভোগদৈ এতিয়া আশীৰ্বাদ নহয়, অভিশাপ

ভোগদৈ নৈৰ মথাউৰি ভাগি যোৱাত সংহাৰী ৰূপ ধাৰণ কৰিছে বৃহত্তৰ মালৌপথাৰ অঞ্চল ৷ যাতায়তৰ বাবে এখন বাঁহৰ দলঙৰ বাহিৰে উন্নত সুবিধা নথকাত এতিয়া ক্ৰোধান্বিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

জলমগ্ন মালৌপথাৰ

যোৰহাট,10 জুন: যোৱা মাহৰ 22 তাৰিখে ভোগদৈ নৈৰ বাঢ়নী পানীয়ে যোৰহাটৰ বহুকেইটা অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বহু অঞ্চলত মথাউৰি ভাগি সংহাৰী ৰূপ ধাৰণ কৰিছিল ৷ যোৰহাটৰ মালৌপথাৰ অঞ্চলৰ কাষতে লাগি থকা ভোগদৈৰ মথাউৰি ভাগি যোৱাত কিছুদিনৰ ভিতৰতে বানবিধস্ত হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে অঞ্চলটো ৷ ইয়াৰোপৰি,মালৌপথাৰৰ কিছু নিলগত থকা শলমৰা গড়কাপ্তানি পথটোৰ ভাগি যোৱা অংশত বিভাগটোৱে যাতায়তৰ সুবিধাৰ বাবে যি বাঁহৰ দলঙৰ ব্যৱস্থা কৰিছিল সেই দলঙেৰে কেৱল দুচকীয়া বাহনহে অহা-যোৱা কৰিব পাৰে ৷

জলমগ্ন মালৌপথাৰ

ভোগদৈৰ মথাউৰি ভগা দুটা পষেক পাৰ হোৱাৰ ফলত বৰ্তমান বৃহত্তৰ মালৌপথাৰৰ তিনিশৰো অধিক লোকৰ ঘৰ ভোগদৈৰ বাঢ়নী পানীৰ কবলত ৷ তাৰোপৰি,জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে অত্যন্ত গুপুতে মথাউৰি ভগা অংশ পৰিদৰ্শন কৰাৰ খবৰ পোৱাৰ পিচত ক্ৰোধান্বিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

ABOUT THE AUTHOR

...view details