টীয়ক, 13 আগষ্টঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে কৰ'ণা মহামাৰীৰ বাবে লক ডাউন ব্যৱস্থা ৷ ইতিমধ্যে কৰ'ণাৰ বাবে সকলো ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান উদযাপন কৰিবলৈ চৰকাৰ প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে ৷ ইফালে চৰকাৰ প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা ৰাইজে সুন্দৰভাবে মানি চলি আহিছে ৷ ঠিক একেদৰে যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৷
উল্লেখ্য যে, পবিত্ৰ ভাদ মাহলৈ মাজত মাথো মাত্ৰ দুটা দিন বাকী । অসমৰ বিভিন্ন মঠ-মন্দিৰ সমূহ ভাদ মাহৰ প্ৰতিটো দিনতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে । ব্যতিক্ৰম নহয় মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ । বাকী মাহকেইটাৰ তুলনাত ভাদ মাহত বৰ নামঘৰত বৃদ্ধি পাই ভক্তৰ সমাগম ৷ কিয়নো 1528 চনৰ পৰাই সুদীৰ্ঘ কাল পালনাম ভাগ নিৰবিচ্চিন্নভাৱে উদযাপন কৰি আহিছে নামঘৰ পৰিচালনা সমিতিৰ লগতে ভকত-বৈষ্ণৱসকলে ৷