টীয়ক, 23 আগষ্টঃ বানে গৰকা টীয়কৰ জাঁজীমুখ হাতীশালৰ ৰামা চাপৰিত ইতিমধ্যে ৰাইজৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ সময়তে জাঁজীমুখ হাতীশালৰ ৰামা চাপৰিত বন্যহস্তীৰ বিচৰণে বিভিন্ন সময়ত ত্ৰাস সৃষ্টি কৰাৰ সময়তে অঞ্চলটোত এটা বন্যহস্তী পোৱালী দুমাহ ধৰি আৱদ্ধ হৈ আছে ৷ ফলত হাতীটোৱে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
টীয়কত দুই মাহ ধৰি আৱদ্ধ বন্য হস্তী পোৱালী, কাণসাৰ নাই বন বিভাগৰ - জাঁজীমুখ
টীয়কৰ জাঁজীমুখ হাতীশালৰ ৰামা চাপৰিত দুমাহে আৱদ্ধ এটা বনৰীয়া হাতীৰ পোৱালী ৷ বনৰীয়া হাতীৰ পোৱালীটোত স্থানীয় ৰাইজে খাদ্য যোগান ধৰি আহিছে যদিও এতিয়ালৈ এজনো বন বিভাগৰ লোক উপস্থিত হোৱা নাই ৷ ফলত হাতীটোৰ অৱস্থা সংকটজনক হোৱা পৰিলক্ষিত হৈছে ৷
![টীয়কত দুই মাহ ধৰি আৱদ্ধ বন্য হস্তী পোৱালী, কাণসাৰ নাই বন বিভাগৰ One Wild Elephant Recovered At Teok Jorhat District](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8526200-thumbnail-3x2-t.jpg)
টীয়কত দুই মাহ ধৰি আবদ্ধ বন্য হস্তীৰ পোৱালী ,কাণসাৰ নাই বন বিভাগৰ
ইফালে স্থানীয় লোক সকলে হাতীটোক কলপুলিৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও সেৱা পৰ্যাপ্ত নহয় ৷ তাৰ মাজতে হাতীশাল ৰামা চাপৰিত বিগত দুটা মাহে আৱদ্ধ হৈ থকা হাতী পোৱালীটো উদ্ধাৰ ক্ষেত্ৰত বন বিভাগে এতিয়া লৈ কোনো ৱ্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হয় স্থানীয় ৰাইজ । ইপিনে স্থানীয় ৰাইজে ভোকাতুৰ হাতীৰ পোৱালীটোক নিতৌ খাদ্যৰ যোগান ধৰি আহিছে আৰু অনতি পলমে উদ্ধাৰ কৰি নিবলৈ বন বিভাগক আহ্বান জনাইছে ।
টীয়কত দুই মাহ ধৰি আবদ্ধ বন্য হস্তীৰ পোৱালী ,কাণসাৰ নাই বন বিভাগৰ