যোৰহাট,24 জুন: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত (Jorhat Medial College Hospital) বুধবাৰে সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা ৷ হাস্পতালখনত থকা জেনেৰেটৰত স্পৰ্শ (Electrocution) হৈ এজন লোকৰ মৃত্যু হয় ৷ উক্ত ঘটনাটো হাস্পতালখনৰ মাতৃ আৰু শিশু বিভাগৰ সমীপতে সংঘটিত হয় ৷ মৃত লোকজনৰ ঘৰ যোৰহাট জিলাৰ গড়মূৰৰ পানী টেংকী কাষৰেই বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ সম্প্রতি উক্ত ঘটনাটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
ইফালে বৃহস্পতিবাৰে পুৱাহে মৃত অৱস্থাত লোকজনক প্ৰত্যক্ষ কৰে চিকিৎসা মহাবিদ্যালয়খন (College Hospital)ৰ নিৰাপত্তা ৰক্ষীয়ে ৷ পূৱা ঘটনাটো প্ৰত্যক্ষ কৰি হাস্পতালখনৰ নিৰাপত্তাৰক্ষী সকলে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰা লগতে মৰণোত্তৰ পৰীক্ষাৰ (Postmortem) বাবে প্ৰেৰণ কৰে ৷