টীয়ক, 14 ডিচেম্বৰ :টীয়কৰ বলমা-নামচেচু সংযোগী পথত নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয় । মৃত যুৱকজন চেলেংহাট বৰনগঞাৰ প্ৰদ্যুৎ গগৈ বুলি জানিব পৰা গৈছে । AS-04-W-2628 নম্বৰৰ পালচাৰ মটৰ চাইকেলৰে টীয়কৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটি কালভাৰ্টত খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু ঘটে যুৱকজনৰ ।
টীয়কত নিশা পথ দুৰ্ঘটনাত নিহত যুৱক - দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন যুৱক
টীয়কত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন যুৱক ৷
টীয়কত নিশা পথ দুৰ্ঘটনাত নিহত যুৱক
মৃত প্ৰদ্যুৎ গগৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত আছিল । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।