অসম

assam

By

Published : May 28, 2020, 1:07 PM IST

ETV Bharat / city

যোৰহাটত কৰ'ণাত আক্ৰান্ত 1জন, সংস্পৰ্শলৈ অহা 9 জনক মুকলি

যোৰহাট জিলাৰ উপায়ুক্তৰ লগতে জিলা চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ উপস্থিতিত ছেউনী আলিৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত শালিনী মালক(৪০) ২৭ মে'ত যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুকলি কৰি দিয়ে । বিগত ১৬ মে' তাৰিখে তেঁও দাৰ্জিলিংৰ পৰা আহি যোৰহাটত উপস্থিত হৈছিল বুলি জানিবলৈ পোৱা গৈছে ৷

ETV BHARAT
যোৰহাটত কৰ'ণাত আক্ৰান্ত 1জন, সংস্পৰ্শলৈ অহা 9 জনক মুকলি

যোৰহাট, 28 মেঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা কৰ'ণা ভাইৰাছত আক্ৰান্ত 1 জন লোকক মুকলি কৰি দিয়া হয় ৷ ইয়াৰোপৰি 9 গৰাকী পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা লোকক মুকলি কৰি দিয়ে স্বাস্থ্য বিভাগে ৷

যোৰহাটত কৰ'ণাত আক্ৰান্ত 1জন, সংস্পৰ্শলৈ অহা 9 জনক মুকলি

যোৰহাটৰ ছেউনী আলিৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত শালিনী মাল(৪০)ক ২৭ মে'ত যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুকলি কৰি দিয়া হয় । বিগত ১৬ মে'ত দাৰ্জিলিংৰ পৰা আহি যোৰহাটত উপস্থিত হৈছিল মহিলাগৰাকী ৷ ১৯ মে'ত স্বাস্থ্য পৰীক্ষাৰ অন্তত শালিনী মাল কোভিড-19ত আক্ৰান্ত হোৱা বুলি ৰিপৰ্ট ওলাইছিল । ইয়াৰ পাছতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হৈছিল শালিনীক ।

ইতিমধ্যে চিকিৎসাৰ অন্তত কৰ'ণা নিগেটিভ পোৱাত আজি চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুকলি কৰি দিয়া হয় মহিলাগৰাকীক । যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপাৰঞ্জী কৰাটী উপস্থিতিত গামোচাৰে সম্ভাষণ জনোৱা হয় কৰ'ণা মুক্ত শালিনীক ।

ইয়াৰ উপৰিও ৮ গৰাকী যুৱতী আৰু ১জন যুৱকক চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুক্ত কৰি দিয়ে ৷ এই ৯ গৰাকী লোকক কৰ'ণা পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহাৰ বাবে চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ।

যোৰহাটৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলাৰ এজন ৰাজু বৰা নামৰ এজন যুৱকৰ শৰীৰত কোভিড পজিটিভ পোৱা গৈছে বুলি জনায় উপায়ুক্তগৰাকীয়ে । ইতিমধ্যে যুৱকজনক চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসা প্ৰদান কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে । লোককেইজনক মুকলি কৰি দিয়া সময়ত জিলা উপায়ুক্তৰ লগতে মহাবিদ্যালয়খনৰ অধীক্ষক পূৰ্ণিমা বৰুৱা, উপ অধীক্ষক নিলোৎপল ভট্টাচাৰ্য উপস্থিত থাকে ।

লগতে পঢ়ক- গোলাঘাটত উপস্থিত 300ৰো অধিক বহিঃৰাজ্যৰ যাত্ৰী

ABOUT THE AUTHOR

...view details