টীয়ক, 12 আগষ্ট :টীয়কৰ নিউজ লাইভৰ সংবাদদাতা মৃদুল বৰুৱাৰ মঙলবাৰে মৃত্যু হয় । যকৃত ৰোগত আক্ৰান্ত হৈ যোৰহাটৰ মিচন হাস্পতালত চিকিৎসাধীন হৈ আছিল মৃদুল বৰুৱা । নিশা 9.40 বজাত মৃত্যুক সাৱটি লয় সংবাদদাতা গৰাকীয়ে ৷ বৰুৱাৰ মৃত্যুত টীয়ক প্ৰেছ ক্লাব, যোৰহাট জিলা ই-মিডিয়া এছ'চিয়েচন, যোৰহাট জিলা সাংবাদিক সন্থা, যোৰহাট জিলা অসম প্ৰেছ কৰেছপণ্ডেন্ট ইউনিয়ন সমিতিয়ে শোক প্ৰকাশ কৰে ।
বৃহত্তৰ টীয়ক অঞ্চলৰ সংবাদ জগতৰ বাবে অন্যতম চিনাকী নাম হৈছে মৃদুল বৰুৱা । সুদীৰ্ঘ 12 টা বছৰে টীয়কৰ সংবাদ জগতখনত অতি নিষ্ঠা আৰু সততাৰে বোকা পানী গছকি অশেষ কষ্টৰে প্ৰতিটো খবৰ যুগুত কৰি বাতৰি পৰিবেশন কৰিছিল বৰুৱাই ৷ সাংবাদিকতাৰ জৰিয়তে টীয়কৰ সমাজ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে বিপদত আৰ্তজন সহায় কৰিছিল তেওঁ ৷ বিভিন্ন ৰাজহুৱা সমস্যা তথা ব্যক্তিগত সমস্যা, ইতিবাচক নেতিবাচক সকলো বাতৰি সুন্দৰকৈ উপস্থাপন কৰি এজন ভাল সংবাদকৰ্মীৰ পৰিচয় দিছিলৱ মৃদুল বৰুৱাই ৷ এজন প্ৰকৃত সংবাদকৰ্মীৰ সমান্তৰালকৈ মৃদুল বৰুৱা আছিল এজন সুনিপুন গিটাৰিষ্ট । অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বহুকেইজন প্ৰতিষ্ঠিত কন্ঠশিল্পীৰ সৈতে গীটাৰত আঙুলি বুলাই দৰ্শক-শ্ৰুতাৰ হৃদয় জিনিছিল বৰুৱাই ।