অসম

assam

ETV Bharat / city

দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ যোৰহাটত সৰ্বাত্মক প্ৰভাৱ: ৬২ জন আটক - কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন

দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ যোৰহাটত সৰ্বাত্মক প্ৰভাৱ ৷ ৬২ জন আটক (62 arrested in Jorhat taking part in strike) কৰিলে যোৰহাট আৰক্ষীয়ে ৷ সবিশেষ জানো আহক ৷

62 arrested in jorhat taking part in strike
দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ যোৰহাটত সৰ্বাত্মক প্ৰভাৱ : ৬২ জন আটক

By

Published : Mar 28, 2022, 10:24 PM IST

যোৰহাট, 28 মাৰ্চ :আজি ইং ২৮ মাৰ্চ, ২০২০ তাৰিখে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ আহ্বানত কেতবোৰ অন্যান্য দল সংগঠনে ধৰ্মঘটত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পেলায় (impact of nationwide strike in Jorhat) । আজি পুৱাই চিআটিইউৰ ধৰ্মঘটকাৰীয়ে যোৰহাটৰ এছ বি আইৰ মুখ্য শাখাত পিকেটিং কৰি বেংকৰ কাম বন্ধ কৰোৱায় । জিলাখনত থকা অন্যান্য প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ লগতে এলআইচিৰো কাম-কাজ বন্ধ থাকে ।

তাৰ লগতে বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান যেনে বিএছএনএল, ডাকঘৰ, বিজুলী ভৱনৰ সন্মুখত তেওঁলোকৰ কৰ্মচাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰি কাৰ্য্যালয়ৰ কাম কাজ স্থবিৰ ৰাখে । চি আৰ ইউৰ শতাধিক সদস্যই বিষ্টুৰাম বৰুৱা হলৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰি থকা অৱস্থাত প্ৰশাসনে বাধা প্ৰদান কৰে আৰু ৬২ জন প্ৰতিবাদকাৰীক আটক কৰে (62 arrested in Jorhat taking part in strike)। আজিৰ ধৰ্মঘটলৈ সদৌ অসম মটৰ শ্ৰমিক ইউনিয়নেও সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু চলিত মেট্ৰিক পৰীক্ষাৰ বাবে কিছু শিথিলতা ৰখাৰ বাদে জিলাখনত যাত্ৰীবাহী আৰু মালবাহী গাড়ীসমূহৰ চলাচল বন্ধ থাকে ।

পিকেটিঙৰ অন্তত চি আই টি ইউৰ বিভিন্ন ইউনিয়ন, এ আই চি চি টি ইউ, ভাৰতৰ ছাত্ৰ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ধৰ্মঘটকাৰীসকলে চি আই টি ইউৰ কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি পথসভা অনুষ্ঠিত কৰে । উক্ত পথসভাত বক্তব্য ৰাখে চি আই টি ইউৰ যোৰহাট জিলাৰ সম্পাদক দিব্যেন্দু দাস, এ আই চি চি টি ইউৰ জিলা সম্পাদক জীতেন তাঁতী আৰু চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ সদস্য সুনীল বৰুৱাই ।

বৰ্তমানৰ চৰকাৰখনে শ্ৰমিকৰ ওপৰত কৰি অহা কৰি অহা বিভিন্ন অন্যায়-শোষণৰ বিৰুদ্ধে ১২ দফীয়া দাবীৰ ভিত্তিত দেশৰ সৰ্বস্তৰৰ জনসাধাৰণক "দেশ বচাওক" শ্লোগানেৰে একত্ৰিত হ'বলৈ আহ্বান জনায় আৰু ২৯ তাৰিখৰ দিনাও একেই উদ্যমেৰে ধৰ্মঘট কৰা হ'ব বুলি জানিবলৈ দিয়ে নেতৃবৃন্দই । উল্লেখ্য যে আজিৰ ধৰ্মঘটৰ কাৰ্যসূচীত পুলিচৰ বাধা প্ৰদান পূৰ্বতকৈ যথেষ্ট আগ্ৰাসী আৰু এই নীতিক সম্পূৰ্ণ অগণতান্ত্ৰিক বুলি আখ্যা দি তীব্ৰ সমালোচনা কৰে ধৰ্মঘটকাৰীসকলে ।

লগতে পঢ়ক :বিধায়কৰ হতা-হতি: পশ্চিমবংগ বিধানসভাত লিখিত হ’ল এক লজ্জাজনক অধ্যায়

ABOUT THE AUTHOR

...view details